Advertisment

৩ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ...

এম বি বি এছৰ এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যুয়ে জোকাঁৰি গৈছে সমগ্ৰ দেশক। ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ পাটনত। এগৰাকী ১৮বছৰীয়া এম বি বি এছৰ ছাত্ৰক হোষ্টেলত কৰা ভয়ংকৰ ৰেগিঙৰ বাবেই এই কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে...

author-image
Asomiya Pratidin
New Update
গুজৰাট

ডিজিটেল ডেস্কঃ এম বি বি এছৰ এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যুয়ে জোকাঁৰি গৈছে সমগ্ৰ দেশক। ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ পাটনত। এগৰাকী ১৮বছৰীয়া এম বি বি এছৰ ছাত্ৰক হোষ্টেলত কৰা ভয়ংকৰ ৰেগিঙৰ বাবেই এই কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, এম বি বি এছৰ প্ৰথম বৰ্ষৰ ছাত্ৰগৰাকীক ১৫গৰাকীকৈ জ্যেষ্ঠ ছাত্ৰৰ এটা দলে ৩ঘন্টাকৈ সময় থিয় কৰাই নানান নিৰ্যাতন চলায়। ইয়াৰ পাছতে ছাত্ৰগৰাকী অচেতন হৈ পৰে। পিছৰ পৰ্যায়ত ছাত্ৰগৰাকীক চিকিতসালয়ত ভৰ্তি কৰা হয় যদিও চিকিতসকে তেওঁক মৃত ঘোষণা কৰে। 

Advertisment

নিৰ্যাতন চলোৱা অভিযুক্ত আটাইকেইগৰাকী ছাত্ৰ এম বি বি এছৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। ঘটনা সংঘটিত হোৱাৰ মেডিকেল কলেজখনৰ কৰ্তৃপক্ষই এখন কমিটী গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত চলায়। তদন্তত পোহৰলৈ আহে যে, দ্বিতীয় বৰ্ষৰ ১৫গৰাকী ছাত্ৰই ৰেগিং কৰিছিল প্ৰথমবৰ্ষৰ ১১গৰাকী ছাত্ৰক। ইতিমধ্যে বালিছানা পুলিছ ষ্টেচনত ৰুজু হোৱা গোচৰত দ্বিতীয় বৰ্ষৰ ১৫গৰাকী ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে। নিৰ্যাতিত ছাত্ৰকেইগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, উক্ত দিনটোত নিশা তেওঁলোকক নৃত্যু আৰু গান গাবলৈও দিয়া হৈছিল। 

বৰ্তমান এই সমগ্ৰ কাণ্ডৰ তদন্ত অব্যাহত আছে। মৃত ছাত্ৰজনৰ নাম অনিল মেঠানিয়া বুলি সদৰি কৰিছে কলেজ কৰ্তৃপক্ষই। কলেজখনৰ কৰ্তৃপক্ষৰ পৰাও এক গোচৰ ৰুজু কৰা হৈছে। কলেজখনৰ ডীন ডা) হাৰ্দিক শ্বাহে সদৰি কৰা অনুসৰি, ইয়াৰ পূৰ্বে কেতিয়াও কলেজখনত ৰেগিঙৰ দৰে ঘটনা সংঘটিত হোৱা নাছিল। ৰেগিঙৰ বিৰুদ্ধে কলেজখনত এখন উচ্চস্তৰীয় কমিটী থকাৰ কথাও সদৰি কৰে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, কলেজখনৰ ছাত্ৰাৱাসতে সংঘটিত হৈছিল এই ঘটনা। 

গুজৰাট