গুজৰাটৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণঃ সকলো কৰ্মচাৰীৰ ছুটী বাতিল...

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে গুজৰাট চৰকাৰে সকলো বিভাগ আৰু কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীৰ ছুটী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে।

author-image
Tushar Pratim
New Update
গুজৰাটৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণঃ সকলো কৰ্মচাৰীৰ ছুটী বাতিল...

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শুকুৰবাৰে গুজৰাট চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগ আৰু কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীৰ ছুটী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে নিজ নিজ বিভাগৰ মুৰব্বীকো এই নিৰ্দেশনা জাৰি কৰা হৈছে।"প্ৰচলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ সকলো বিভাগ আৰু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে ব'ৰ্ড , নিগম , পঞ্চায়ত , পৌৰ নিগম , স্বায়ত্তশাসিত আৰু অনুদান-সাহায্য প্ৰতিষ্ঠানৰ সকলো ধৰণৰ ছুটী তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। 

Advertisment

ইয়াৰোপৰি নিজ নিজ বিভাগ বা কাৰ্যালয়ৰ মুৰব্বীলৈ নিৰ্দেশ জাৰি কৰা হৈছে যাতে বিষয়া-কৰ্মচাৰীসকলে এই বিষয়ে অৱগত হয়। বৰ্তমান যিসকল ছুটীত আছে তেওঁলোককো তাৎক্ষণিকভাৱে কৰ্তব্যস্থলীলৈ ঘূৰি আহিবলৈ কোৱা হৈছে। এই বিষয়ে  গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে এক্স যোগেও সকলোকে অৱগত কৰিছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ লগতে কয় যে ইয়াৰ উপৰিও বিষয়া আৰু কৰ্মচাৰীসকলক বিভাগৰ মুৰব্বীৰ পূৰ্বৰ অনুমোদন অবিহনে মুখ্য কাৰ্যালয়ৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূর্বে আজি গুজৰাটৰ মুখ্যমন্ত্রীয়ে সীমান্ত জিলাসমূহত ৰাজ্যখনৰ প্রস্তুতিৰ সন্দৰ্ভত এক উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। 

যুদ্ধৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰা অঞ্চলৰ বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হোৱা বৈঠকত সেই সমূহ অঞ্চল খালী কৰা, নাগৰিক প্ৰতিৰক্ষা, স্বাস্থ্যসেৱা, আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত জৰুৰী নিৰ্দেশনা জাৰি কৰে। গান্ধীনগৰস্থিত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ সংঘৱী আৰু মুখ্য সচিব পংকজ যোশীও উপস্থিত থাকে।

বিভিন্ন বিভাগ আৰু প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ সময়ত তেওঁ সকলো নিয়ন্ত্ৰণ কক্ষ আৰু জৰুৰীকালীন অপাৰেচন চেণ্টাৰক ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ জৰুৰীকালীন অৱস্থাত সমন্বয় বজাই ৰাখিবলৈ চেটেলাইট ফোন আৰু হটলাইনৰ দৰে বিকল্প যোগাযোগ সঁজুলিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।সীমান্তৱৰ্তী গাঁও খালী কৰাৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ জিলা প্ৰশাসনসমূহক নিৰাপদ আশ্ৰয় শিবিৰ চিনাক্ত কৰি খোৱাপানী, খাদ্য যোগান, ইন্ধন, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

স্বাস্থ্য আৰু পৰিবহণ বিভাগক অনতিপলমে চিকিৎসা দল আৰু প্ৰয়োজনীয় পৰিবহণ সা-সুবিধা মোতায়েন কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।তেওঁ জিলাৰ মুৰব্বীসকলক স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰিবলৈ, চোৰাংচোৱাগিৰি শক্তিশালী কৰিবলৈ, আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে সতৰ্কবাণীৰ ব্যৱস্থাৰো মূল্যায়ন কৰিবলৈ পৰামৰ্শ দিছে।

আতংক আৰু ভুল তথ্য ৰোধৰ বাবে ৰাজ্যজুৰি সজাগতা অভিযান আৰম্ভ কৰাৰ পৰামৰ্শও মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে। তেওঁ জনসাধাৰণক চৰকাৰী বিভাগসমূহৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰাহে তথ্য লোৱাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে সীমান্তৱৰ্তী গাঁৱত সন্দেহজনক কাৰ্যকলাপৰ কোনো তথ্য লাভ কৰিলে প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

বায়ুসেনা, সেনা, নৌসেনা, উপকূলক্ষী, বি এছ এফকে ধৰি অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহৰ সতৰ্কতা আৰু সমন্বয়ক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলত নিয়োজিত নিৰাপত্তা বাহিনীক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব।

 

অপাৰেচন সিন্দুৰ পাকিস্তান গুজৰাট