হ্ৰাস হোৱা নাই ৰাম নৱমীৰ হিংসাত্মক ঘটনাঃ ঠায়ে ঠায়ে শিলগুটি নিক্ষেপ, অগ্নি সংযোগৰ ঘটনা...

DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...
DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...

ডিজিটেল ডেস্কঃ ৰাম নৱমীৰ পিছতো পৰিস্থিতি শান্ত হোৱা নাই। আজি পুনৰ উত্তপ্ত হৈ পৰিছে বেংগল। বেংগলৰ হাওৰাত সৃষ্টি হৈছে ব্যাপক হিংসাত্মক ঘটনা। দুৰ্বৃত্তই নিক্ষেপ কৰিছে শিল।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাম নৱমীৰ দিনটোত পশ্চিমবংগৰ লগতে দেশৰ আন আন প্ৰান্তত সংঘটিত হৈছিল ব্যাপক হিংসাত্মক ঘটনা। গুজৰাটৰ বদোদৰা, মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজি নগৰ, জলগাওঁ, পশ্চিমবংগৰ হাওৰা, ইছলামপুৰ আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ লগতে অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছিল।

এই পৰ্যন্ত ৩ খন ৰাজ্যৰ পৰা প্ৰায় ৮০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ৮০ জন লোকৰ ভিতৰত গুজৰাটৰ ২৪ জন, মহাৰাষ্ট্ৰৰ ২০ জন আৰু বংগৰ ৩৬ জন লোক আছে। হিংসাত্মক ঘটনা সংঘটিত হোৱা অঞ্চলবোৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে।

অৱশ্যে পৰিস্থিতি এতিয়া স্বাভাৱিক। এই সন্দৰ্ভত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, মুছলমান প্ৰধান অঞ্চলত শোভাযাত্ৰা নকৰিবলৈ সতৰ্ক কৰি দিছো। কিন্তু বিজেপিৰ লোকসকলে ইচ্চাকৃতভাৱে এই অঞ্চলবোৰ লক্ষ্য কৰি লৈ শোভাযাত্ৰা বাহিৰ কৰিছে। তেওঁলোকে দাঙ্গা সৃষ্টি কৰিব বিচাৰে।

DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...
DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in