ডিজিটেল ডেস্কঃ আজি ৰাজস্থানৰ জয়ছলমেৰত অনুষ্ঠিত হৈছে জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠক। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত পৰিষদৰ সদস্যসকলে বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। জানিব পৰা মতে পৰিষদে বিভিন্ন সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰাৰ বাবে হেঁচা দিয়াৰ বাবেই আগন্তুক সময়ত চাউলৰ লগতে অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু সাধাৰণ চিকিৎসা ব্যয়ো হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে গুণগত মানদণ্ডৰ চাউলৰ ক্ষেত্ৰত জি এছ টি পৰিষদে কৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে। যিসমূহ চাউলৰ এইছ এছ কোড ১৯০৪ তেনে চাউলৰ ক্ষেত্ৰত কৰ ৫ শতাংশ হ্ৰাস কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। পৰিষদে দাবী কৰিছে এনে চাউলৰ মূল্য হ্ৰাসৰ ফলত মধ্যবিত্ত শ্ৰেণীয়েও এই চাউল ক্ৰয় কৰাত আগ্ৰহ প্ৰকাশ কৰিব।
তাৰোপৰি এই বৈঠকত জিন থেৰাপীক জি এছ টিৰ আওতাৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰাই ৰখাৰ পৰামৰ্শ দিয়া হৈছে। সাধাৰণ বীমা কোম্পানীসমূহে তৃতীয় পক্ষৰ জৰিয়তে যান-বাহনৰ দুৰ্ঘটনা পুঁজিৰ বাবে কিস্তিত গাড়ীৰ মালিকৰ পৰা ধন লয়। পৰিষদে ইয়াতো কৰ ৰেহাইৰ পৰামৰ্শ দিছে।
বৈঠকত ভাউচাৰ লেনদেনৰ ওপৰত জি এছ টিৰ প্ৰয়োজন নাই বুলিও পৰিষদে দাবী কৰে।সেয়ে কেন্দ্ৰই ভাউচাৰ নিয়ম সংশোধন কৰাৰ কথাও বিবেচনা কৰা বুলি জানিব পৰা গৈছে।
জি এছ টি পৰিষদে কয় যে বেংক আৰু অনা-বেঙ্কিং বিত্তীয় কোম্পানীবোৰে (এন বি এফ চি) আৰোপ কৰা জৰিমনাৰ ওপৰত জিএছটি কেতিয়াও ঋণ লওঁতাৰ ওপৰত আৰোপ কৰা নহ'ব। এই ক্ষেত্ৰত ঋণৰ চৰ্তাৱলী অপৰিৱৰ্তিত থাকিব।
আয়োগে কেইখনমান বাহনক বাদ দি বৈদ্যুতিক বাহনকে ধৰি পুৰণি বাহন বিক্ৰীৰ ক্ষেত্ৰত জিএছটিৰ হাৰ ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। কৃষকসকলে যিকোনো সেউজীয়া বা শুকান জালুকৰ ওপৰত জিএছটি ৰেহাই পাব।
পৰিষদে খুচুৰা বজাৰত পেকেটযুক্ত সামগ্ৰী বিক্ৰী কৰাৰ সংজ্ঞাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ পৰামৰ্শ দিছে। ২৫ কিলোগ্ৰাম বা ২৫ লিটাৰৰ কম ওজনৰ সামগ্ৰীৰ প্ৰাক-পেকেজিং আৰু লেবেল লগোৱাৰ নিয়মসলনি কৰিব।
নিমখ আৰু মচলাৰ সৈতে ৰেডি-টু-ইট পপকৰ্ণৰ ওপৰত ৫ শতাংশ জিএছটি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত, ১২ শতাংশ কৰ প্ৰযোজ্য হ'ব।