অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে মহিলা শিল্পীৰ দলৰ এইছ আইভি পৰীক্ষাঃ দেশজুৰি চাঞ্চল্য...

নৃত্য পৰিৱেশনৰ পূৰ্বে নৃত্যশিল্পী দলৰ এই আই ভি পৰীক্ষা কৰাৰ এক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ঘটনাক নৃত্যশিল্পীৰ অধিকাৰ উলংঘন বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

author-image
Asomiya Pratidin
New Update
অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে মহিলা শিল্পীৰ দলৰ এইছ আইভি পৰীক্ষাঃ দেশজুৰি চাঞ্চল্য...

ডিজিটেল ডেস্কঃ নৃত্য পৰিৱেশনৰ পূৰ্বে নৃত্যশিল্পী দলৰ এই আই ভি পৰীক্ষা কৰাৰ এক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ঘটনাক নৃত্যশিল্পীৰ অধিকাৰ উলংঘন বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Advertisment

এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। প্ৰকাশিত খবৰ অনুসৰি মধ্যপ্ৰদেশৰ লোক নৃত্যশিল্পীৰ এটা দলক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বেই কৰা হৈছিল এইচ.আই.ভিৰ পৰীক্ষা। মহিলা লোক নৃত্যশিল্পীসকলৰ এইচ.আই.ভি পৰীক্ষাৰ ভিডিঅ’ আৰু ফটোসমূহ সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছে।

যোৱা দেওবাৰে ৰাজ্যখনৰ অশোকনগৰ জিলাৰ দেৱী সীতাৰ মন্দিৰৰ এখন মেলাত মহিলা শিল্পীসকলক কৰা হৈছিল এই পৰীক্ষা৷ এই ঘটনাৰ পিছতেই ৰাষ্ট্ৰীয় মহিলা আয়োগে পাঁচ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ প্ৰতিবেদন বিচাৰিছে৷ তাৰোপৰি মহিলা আয়োগে নৃত্যশিল্পীসকলৰ সৈতে সংঘটিত হোৱা এই ঘটনাক "নৃত্যশিল্পীৰ অধিকাৰ উলংঘন" আখ্যা দিছে।

সমগ্ৰ ঘটনাৰ বাতৰি প্ৰকাশৰ পিছতেই জিলাখনৰ স্বাস্থ্য বিষয়া ড০ নীৰজ ছাৰীক ভূপাললৈ বদলি কৰা হৈছে। লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ তিনিজনীয়া এক কমিটি গঠন কৰা হৈছে।

চি এম এইচ অ' ড০ নীৰজ ছাৰীয়ে দাবী কৰিছে যে এইছ আই ভি পৰীক্ষা নতুন নহয় আৰু যোৱা বছৰো কৰা হৈছিল। লগতে তেওঁ কৈছে মহিলা লোক নৃত্যশিল্পীসকলে এই পৰীক্ষা কৰাত সন্মতি দিছিল ৷

এই পৰীক্ষা কেৱল সুৰক্ষিত থকাৰ বাবে এক সাৱধানতা আছিল বুলিও মন্তব্য কৰিছে ছাৰীয়ে৷

Also Read: মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ছেবাৰ কৰ্মচাৰীসহ ৩ জনক গ্ৰেপ্তাৰ

#Madhyapradesh #Womencommisoon #AIDSTESTEDWOMENGROUP