ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে সোমবাৰে ২০২৪ চনৰ ডিচেম্বৰ মাহৰ আৰ্থিক স্থিতিশীলতৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৪ ৰ ছেপ্টেম্বৰ পৰ্যন্ত বাণিজ্যিক বেংকসমূহৰ Gross Non Performing Assets (GNPA) অনুপাত ১২ বছৰৰ ভিতৰত সৰ্বনিম্ন ২.৬ শতাংশলৈ নামি আহিছে।
এই উন্নতিৰ মূল কাৰণ হৈছে ঋণদান বৃদ্ধি আৰু শ্লিপেজ হ্ৰাস পোৱাৰ বাবে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি বেংকিং ছেক্টৰৰ বাবে কিছু প্ৰত্যাহ্বানো আহিছে।
আৰ.বি.আই.ৰ প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে ‘‘ৰাইট-অফ’’ বৃদ্ধি হৈ আছে। বিশেষকৈ ব্যক্তিগত খণ্ডৰ বেংকবোৰৰ মাজত। ‘‘ৰাইট-অফ’’বৃদ্ধিয়ে কিছুমান ক্ষেত্ৰত অসুৰক্ষিত ঋণৰ মানদণ্ডৰ অৱনতি আৰু ঋণৰ চৰ্তাৱলী শিথিল হোৱাৰো ইঙ্গিত দিব পাৰে। প্ৰতিবেদন অনুসৰি, শ্লিপেজৰ ক্ষেত্ৰত অস্থিৰ ঋণ একাউণ্টৰ ভিতৰত ৫১.৯ শতাংশই আছিল অনিৰাপদ ঋণ।
ইয়াৰোপৰি ২০২৪ চনৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত বেংকসমূহৰ মুঠ এন পি এ অনুপাত প্ৰায় ০.৬ শতাংশ। যিয়ে বেংকিং খণ্ডৰ স্থিতিশীলতাৰ ইংগিত দিছে। আৰ্থিক খণ্ডৰ বৃহৎ লওঁতাৰ পোৰ্টফলিঅ’ৰ মানো যোৱা দুই বছৰত উন্নতি হৈছে। বৃহৎ ঋণ লওঁতাৰ মাজত এন পি এৰ অনুপাত ২০২৩ চনৰ মাৰ্চৰ ৪.৫ শতাংশৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰলৈ ২.৪ শতাংশলৈ হ্ৰাস পাইছে।
প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ প্ৰথমাৰ্ধত বেংকিক খণ্ডৰ লাভ ২২.২ শতাংশ বৃদ্ধি হৈছে। যি ভাৰতীয় বেংকিং খণ্ডত শক্তিশালী মানদণ্ড সূচায়। এই স্থিৰতা বজাই ৰাখিবলৈ বেঙ্কিং খণ্ডৰ পুঁজি শক্তিশালী মূলধন আৰু উপাৰ্জন বৃদ্ধি হৈছে।