ছোনিয়া গান্ধীৰ সৈতে বৈঠক নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ...

কেন্দ্ৰলৈ আগ্ৰহ নেকি মিত্ৰজোটৰ ?

ছোনিয়া গান্ধীৰ সৈতে বৈঠক নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ...

ডিজিটেল ডেস্ক : বিহাৰৰ মিত্ৰজোটৰ দুই মহাৰথী ক্ৰমে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ লালু প্ৰসাদ যাদৱে আগন্তুক ৰবিবাৰে বৈঠকত বহিব কংগ্ৰেছৰ ছোনিয়া গান্ধীৰ সৈতে । প্ৰায় ছয় বছৰ পাছত বৈঠকত বহিব এই তিনি শীৰ্ষ নেতা আৰু নেত্ৰীয়ে । এই বৈঠকৰ বাবে ৰাহুল গান্ধীৰ উপস্থিতিও আশা কৰা হৈছিল যদিও বৰ্তমান 'ভাৰত জোড়ো' যাত্ৰাত থকাৰ বাবে কেৰালাৰ পৰা বৈঠকৰ বাবে অহা সম্ভৱ নহ'ব নেতা গৰাকীৰ বাবে । 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে নীতিশ কুমাৰ আৰু ছোনিয়া গান্ধী ২০১৫ চনত বিহাৰৰ নিৰ্বাচনৰ পূৰ্বেহে মিলিত হৈছিল । আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সৈতে ছেপ্টেম্বৰ মাহতে মিলিত হৈছিল । 

এই বৈঠকত কেন্দ্ৰীয় চৰকাৰ গঠনৰ বাবে আলোচনা হোৱাৰ কথা সদৰি কৰে বিহাৰৰে কিছু নেতাই । ২০২৪ বৰ্ষত সমগ্ৰ ৰাষ্ট্ৰজুৰি অনুষ্ঠিত হ'ব লগীয়া নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰক প্ৰতিৰোধ কৰিবলৈ মিত্ৰজোট হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে নেতা কেইগৰাকীয়ে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in