Advertisment

ছঈফ আলী খানৰ ১৫ হাজাৰ কোটি টকাৰ বিশাল সম্পত্তি যাব চৰকাৰৰ হাতলৈ...

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা অভিনেতা ছঈফ আলী খানৰ দিন বেয়া চলিছে। দুৰ্বৃত্তৰ আক্ৰমণত কোনো মতে প্ৰাণ ৰক্ষা পৰিলেও ছঈফে হেৰুওৱাৰ উপক্ৰম হৈছে প্ৰায় ১৫ হাজাৰ কোটি টকীয়া বিশাল সম্পত্তি।

author-image
Asomiya Pratidin
New Update
ছইফ আলী খানৰ ১৫ হাজাৰ কোটি টকাৰ বিশাল সম্পত্তি যাব চৰকাৰৰ হাতলৈ...

ডিজিটেল ডেস্কঃ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা অভিনেতা ছঈফ আলী খানৰ দিন বেয়া চলিছে। দুৰ্বৃত্তৰ আক্ৰমণত কোনো মতে প্ৰাণ ৰক্ষা পৰিলেও ছঈফে হেৰুওৱাৰ উপক্ৰম হৈছে প্ৰায় ১৫ হাজাৰ কোটি টকীয়া বিশাল সম্পত্তি।

Advertisment

বলিউড অভিনেতাগৰাকীৰ ভূপালত আছে ৰাজ প্ৰসাদ। বিখ্যাত পাটাউটী পৰিয়ালৰ উত্তৰাধিকাৰী ছঈফ। উত্তৰাধিকাৰ সূত্ৰেই তেওঁ লাভ কৰিছিল ভূপালপ পাটাউডী পৰিয়ালৰ পেলেচ।

পিছে এই পেলেচ এতিয়া মধ্যপ্ৰদেশৰ চৰকাৰে নিজৰ অধীনলৈ আনিবলৈ ততপৰ হৈছে। খবৰ অনুসৰি এই বিশাল সম্পত্তি নিজৰ লগত ৰাখিবলৈ ছঈফে শেষ প্ৰচেষ্টাও হাতত নললে।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ভূপালত থকা এই সম্পত্তি মনচুৰ আলী খানৰ মাতৃৰ জ্যেষ্ঠ ভগ্নী আবিদা চুলতানাই উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছিল।পিছে তেওঁ দেশ বিভাজনৰ সময়তে পাকিস্তানলৈ যায়। তাতেই তেওঁ স্থায়ী ভাৱে বাস কৰিবলৈ লয়। ১৯৬০ চনত ভূপালৰ নবাব হামিদুল্লাহ খানৰ মৃত্যুৰ পাছত এই সম্পত্তি জ্যেষ্ঠ কন্যা আবিদা চুলতানক উত্তাৰাধিকাৰ হিচাপে গণ্য কৰা হৈছিল।

কিন্তু আবিদা খান ইতিমধ্যে পাকিস্তানলৈ গুছি যোৱাত ভাৰত চৰকাৰে হামিদুল্লাহ খানৰ দ্বিতীয় কন্যা ছাজিদা চুলতানক এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰ হিচাপে স্বীকৃতি দিয়ে। কিন্তু আইন অনুসৰিয়েই দেশ বিভাজনৰ পিছত প্ৰবজন কৰা ব্যক্তিৰ সম্পত্তি চৰকাৰে দাবী কৰিব পৰা এক ব্যৱস্থা আছে ভাৰতত।

এই ব্যৱস্থাৰ অধীনতে মধ্যপ্ৰদেশ চৰকাৰে পাটাউডী পৰিয়ালৰ এই বিশাল সম্পত্তি এতিয়া নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ বিচাৰিছে। অভিনেতা নৱাব ছঈফ আলী খানে ২০১৫ চনতে উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা পূৰ্ব পুৰুষৰ এই সম্পত্তিৰ ওপৰত দাবী জনাই মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল।

কিন্তু ২০২৪ চনৰ ১৩ ডিচেম্বৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক আগৰৱালাৰ একক বিচাৰপীঠে ছঈফৰ আৱেদন খাৰিজ কৰে। ইয়াৰ পিছত ছঈফ আলী খানে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ এক সুযোগ লাভ কৰিছিল।

কিন্তু জানিব পৰা মতে তেওঁৰ পৰিয়ালে উচ্চ ন্যায়ালয়ত আপীল কৰাৰ পৰা বিৰত আছে। ইফালে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এনে আপীলৰ বাবে ৩০ দিনৰ সময় থাকে। ইতিমধ্যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ ৩০ টা দিন উকলিছে।

এনে পৰিস্থিতিতে এতিয়া ভূপালৰ ১৫ হাজাৰ কোটি টকীয়া ছঈফৰ বিশাল সম্পত্তি এতিয়া চৰকাৰৰ হাতলৈ অহাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। 

 

মধ্যপ্ৰদেশ ভূপাল