/asomiyapratidin/media/media_files/2025/04/22/r0gNWrBOoQZjynrq84jL.png)
ডিজিটেল ডেস্কঃ সোণৰ মূল্যই অতিক্ৰম কৰিলে এক লাখ টকা।বিশ্ব বজাৰত সৃষ্টি হোৱা প্ৰবল অনিশ্চয়তাৰ বাবে বিগত কিছুদিন ধৰি সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি হৈ আহিছিল। এই ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ পাছত মঙলবাৰে সোণৰ মূল্যই অভিলেখ সৃষ্টি কৰিলে।
১০ গ্ৰাম সোণৰ মূল্যই মঙলবাৰে ১ লাখৰ সীমা অতিক্ৰম কৰে। দিল্লী, মুম্বাই, চেন্নাই, কলকাতাৰ দৰে কেইবাখনো ডাঙৰ চহৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০ হাজাৰ হৈছেগৈ।
উল্লেখ্য যে, সোমবাৰে বিয়লি আমেৰিকাৰ বজাৰত সোণৰ মূল্যই ১.৭ শতাংশ বৃদ্ধি হয়। বজাৰ বিশ্লেষকসকলৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগ্ৰাসী শুল্ক নীতিৰ বাবে বিনিয়োগকাৰীসকল সোণ ক্ৰয়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে। ফলত সোণৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে।
আমেৰিকাত সোমবাৰে হোৱা এই মূল্যবৃদ্ধিৰ প্ৰভাৱ ভাৰতৰ বজাৰতো পৰিছে। মঙলবাৰে ১০ গ্ৰাম সোণৰ মূল্যই সকলো অভিলেখ ভংগ কৰি এক লাখ টকাত উপনীত হৈছে। গুডৰিটাৰ্নছ নামৰ এটা ৱেবছাইটৰ তথ্য অনুসৰি দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১০,১৫০ টকা।
নয়ডা, গুৰুগ্ৰাম, মুম্বাই, চেন্নাই, বেংগালুৰু আৰু গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১০,১৩৫ টকা। কলকাতাতো সোণৰ দাম একেই আছে। অৱশ্যে ২৪ কেৰেটৰ সোণ গহনাত ব্যৱহাৰ কৰা নহয়।
কিন্তু গহনাত ব্যৱহৃত ২২ কেৰেট সোণৰ মূল্যও প্ৰায় এক লাখ টকাৰ কাষ চাপিছে। কলকাতা, গুৱাহাটীত ২২ কেৰেটৰ এক গ্ৰাম সোণৰ মূল্য ৯,২৯০ টকা।
মন কৰিবলগীয়া যে, অসমীয়া নৱ বৰ্ষ আৰু বাংলা নৱ বৰ্ষৰ এই সময়ছোৱাত গহনাৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। অসমত ব’হাগৰ মাহটো বিয়াৰ মাহলৈ ৰূপান্তৰ হৈছে। ইফালে বঙালী নৱ বৰ্ষত বহু বঙালী লোকেই সোণৰ গহণা ক্ৰয় কৰে। ফলত সোণৰ এনে মূল্য বৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীক সোণ ক্ৰয়ৰ ক্ষেত্ৰত বিপদ পেলাইছে।
মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বেই অনুমান কৰা হৈছিল সোণৰ মূল্যই অতি কম সময়ৰ ভিতৰতে লাখৰ সীমা অতিক্ৰম কৰিব। সেই মতেই সোণৰ মূল্যই লাখৰ ঘৰ অতিক্ৰম কৰিলে। ইফালে সন্মুখত আছে অক্ষয় তৃতিয়াও। অক্ষয় তৃতিয়াৰ সময়তো সোণৰ মূল্য অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।