'ভাৰত জোড়ো যাত্ৰা'ৰ মাজতে আৰম্ভ হৈছে 'কংগ্ৰেছ ছোড়ো যাত্ৰা' !

কংগ্ৰেছ শূন্য হোৱাৰ দিশে গোৱা...

author-image
Asomiya Pratidin
New Update
'ভাৰত জোড়ো যাত্ৰা'ৰ মাজতে আৰম্ভ হৈছে 'কংগ্ৰেছ ছোড়ো যাত্ৰা' !

pramod sawant pramod sawant

ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছে ছোড়ো যাত্ৰা ! যি সময়ত কংগ্ৰেছে সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশক সামৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰিছে ভাৰত জোড়ো আন্দোলন সেই সময়তে গোৱাৰ মুখ্যমন্ত্ৰীৰ প্ৰমোদ সাৱন্তে কংগ্ৰেছ ছোড়ো যাত্ৰাৰ বিষয়ে উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰীৰ প্ৰমোদ সাৱন্তে কৈছে যে কংগ্ৰেছৰ ৮ গৰাকী বিধায়ক বিজেপিত চামিল হৈছে। প্ৰধানমন্ত্ৰী নেৰন্দ্ৰ মোডীয়ে যিদৰে দেশৰ হিতৰ বাবে কাম কৰি আছে ঠিক তেনেদৰে গোৱাৰ ডাৱল ইঞ্জিন চৰকাৰেও ভাল কাম কৰি আছে। সেয়েহে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হোৱা বিধায়কসকলক আদৰণি জনোৱা হৈছে।

প্ৰমোদ সাৱন্তৰ মতে গোৱাত আৰম্ভ হৈছে কংগ্ৰেছ ছোড়ো যাত্ৰা। তেওঁৰ মতে কংগ্ৰেছৰ যি কেইজন নেতা আছে তেওঁলোকেও ৰাষ্ট্ৰৰ হিতৰ বাবে বিজেপি বা অন্য দলত যোগদান কৰিব। আনহাতে গোৱা বিধানসভাত বাকী থকা কংগ্ৰেছৰ অৱশিষ্ট ৩ জন বিধায়কেও শীঘ্ৰেই কংগ্ৰেছ ত্য়াগ কৰিব বুলি প্ৰকাশ কৰিছ।

সাৱন্তৰ মতে কংগ্ৰেছৰ বিধায়কসকলে কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ বিজেপিৰ লগত চামিল হৈছে। বিজেপিৰ ফালৰ পৰা তেওঁলোকৰ সৈতে যোগাযোগ কৰা হোৱা নাছিল। তেওঁলোকে নিজেই বিজেপিত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কংগ্ৰেছত এতিয়া কোনো নেতা নাই।

প্ৰমোদ সাৱন্তে বিজেপিত চামিল হোৱা কংগ্ৰেছৰ বিধায়কসকলৰ সৈতে শীঘ্ৰেই দিল্লীলৈ যোৱাৰ কথাও উল্লেখ কৰিছে। উল্লেখ্য যে কংগ্ৰেছ নেতৃত্বই দলৰ বিধায়কসকলে বিজেপিত যোগদান কৰা প্ৰসংগত অভিযোগ উত্থাপন কৰিছে যে দিগম্বৰ কামাত আৰু মাইকেল লোবোৱে কংগ্ৰেছৰ বিধায়কসকলক প্ৰত্যেককে ৪০ কোটি টকাকৈ আগবঢ়াইছে।

বিগত বিধানসভাৰ নিৰ্বাচনত গোৱাৰ ৪০ খনৰ ভিতৰত ২০ খন আসনত জয়লাভ কৰি নিৰ্দলীয় বিধায়কৰ সমৰ্থনত বিজেপিয়ে গোৱাত চৰকাৰ গঠন কৰিছিল। ৰাজ্যখনত বিৰোধী কংগ্ৰেছৰ আছিল মাত্ৰ ১১ জন বিধায়ক। এই ১১ জন বিধায়কৰ ৮ জনেই বিজেপিত যোগদান কৰাত গোৱা বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ৩ জনলৈ হ্ৰাস হয়।

বুধবাৰে গোৱাত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া এই ৮ গৰাকী বিধায়ক হৈছে ক্ৰমে দিগম্বৰ কামাত,মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেশাই, কেদাৰ নায়েক, সংকল্প আমোঙ্কাৰ, এলেক্সো চেকুয়েৰা আৰু ৰুডলফ ফাৰ্ণাণ্ডেজ।

congress soro yatra goa political crisis pramod sawant congress