গৰম দাইলত পৰিল এটি ৫ বছৰীয়া শিশু...

author-image
Asomiya Pratidin
New Update
গৰম দাইলত পৰিল এটি ৫ বছৰীয়া শিশু...

ডিজিটেল ডেস্কঃ গৰম দাইলত পৰি গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী। এই ঘটনা সংঘটিত হৈছে মধ্য়প্ৰদেশৰ এখন চৰকাৰী বিদ্যালয়ত। মধ্যাহ্ন ভোজনৰ বাবে বনোৱা গৰম দাইলত পৰি আহত হয় ছাত্ৰী গৰাকী। মঙলবাৰে পোহৰলৈ আহে এই ঘটনা।

Advertisment

এই ঘটনাটো সোমবাৰে বানছলাৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছিল।তেজেশ্বৰী তাণ্ডিয়া নামৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী গৰাকীে খাদ্য গ্ৰহণ কৰিবলৈ অইন শিশুৰ সৈতে শাৰীত থিয় দি আছিল। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হেঁচা-ঠেলা লগাৰ পাছত ৫ বছৰীয়া শিশুটি গৰম দাইলত পৰি যায়।

লগে লগে শিশুটিক ওচৰৰ হাস্পাতাললৈ লৈ যোৱা হয়। শিশুটি ৩০ শতাংশ দগ্ধ হয় বুলি জানিব পৰা গৈছে। বৰ্তমান ছাত্ৰী গৰাকীৰ চিকিৎসা চলি আছে।

Also Read: ভাৰতৰ সংবিধান ৰক্ষাৰ্থে সমান বিচাৰধাৰাৰ প্ৰতিটো দলৰ লগতেই হাত মিলাব কংগ্ৰেছেঃ ছোনিয়া