গুলাম নবী আজাদে সোমবাৰে ঘোষণা কৰিব নতুন দলৰ নাম...

উল্লেখ্য যে ইয়াৰ পূৰ্বে আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত তেওঁৰ প্ৰথম ৰাজহুৱা সভাত নিজৰ ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল

author-image
Asomiya Pratidin
New Update
গুলাম নবী আজাদে সোমবাৰে ঘোষণা কৰিব নতুন দলৰ নাম...

gulam nabi's new party

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ এমাহ পিছত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে সোমবাৰে তেওঁৰ নতুন ৰাজনৈতিক দল ঘোষণা কৰিবৰ বাবে এখনি সংবাদমেল অনুষ্ঠিত কৰিছে।

দেওবাৰে, তেওঁ কৰ্মী আৰু নেতাসকলৰ সৈতে বৈঠকত বহে আৰু বৈঠকত নতুন দলৰ কথা আলোচনা কৰে। তেওঁ বৈঠকৰ পাছত সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে "মই সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰিম। আৰু তাত নতুন দলৰ ঘোষণা কৰিম।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত তেওঁৰ প্ৰথম ৰাজহুৱা সভাত নিজৰ ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে জম্মু আৰু কাশ্মীৰৰ মানুহে দলটোৰ নাম আৰু পতাকা নিৰ্ধাৰণ কৰিব।

"মই এতিয়ালৈকে মোৰ দলৰ বাবে এটা নাম নিৰ্ধাৰণ কৰা নাই। জম্মু-কাশ্মীৰৰ ৰাইজে দলটোৰ নাম আৰু পতাকা নিৰ্ধাৰণ কৰিব। মই মোৰ দলক এটা ভাৰতীয় নাম দিম যিটো সকলোৱে বুজিব পাৰে," এইদৰে ৰাজহুৱা সভাত তেওঁ নতুন দল সম্পূৰ্কত মন্তব্য কৰে।

indian national congress india