প্ৰথমবাৰৰ বাবে সংসদ ভৱনত একেলগে গান্ধী পৰিয়ালৰ ৩ সাংসদ...

৪লক্ষাধিক ভোটত ৱায়নাডত বিজয় সাব্যস্ত কৰি এক প্ৰকাৰৰ ইতিহাস ৰচিছিল প্ৰিয়ংকা গান্ধীয়ে। পূৰ্বে ভাতৃ ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ পৰা প্ৰিয়ংকা জয়ী হৈ অহাৰ পাছতে আন এক ইতিহাস ৰচনা হৈছে। 

author-image
Asomiya Pratidin
New Update
priyanka

ডিজিটেল ডেস্কঃ ৪লক্ষাধিক ভোটত ৱায়নাডত বিজয় সাব্যস্ত কৰি এক প্ৰকাৰৰ ইতিহাস ৰচিছিল প্ৰিয়ংকা গান্ধীয়ে। পূৰ্বে ভাতৃ ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ পৰা প্ৰিয়ংকা জয়ী হৈ অহাৰ পাছতে আন এক ইতিহাস ৰচনা হৈছে। প্ৰিয়ংকা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে এতিয়া সংসদত একেলগে উপস্থিত থাকিব গান্ধী পৰিয়ালৰ তিনিগৰাকী সদস্য।

পূৰ্বতে কেতিয়াও ভাৰতীয় ৰাজনীতিত এনে ঐতিহাসিক সুযোগ অহা নাছিল। স্বাধীনতাৰ পিছত ভাৰতীয় ৰাজনীতি এয়াই হৈছে প্ৰথমটো ক্ষণ, যিটো ক্ষণত গান্ধী পৰিয়ালৰ তিনিগৰাকী সদস্য একেলগে উপস্থিত থাকিব সংসদ ভৱনত। আনকি ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সময়তো এনে সুযোগ অহা নাছিল।

শেহতীয়াকৈ প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত গান্ধী পৰিয়াললৈ আহিছে এই ঐতিহাসিক সুযোগ। উল্লেখ কৰা প্ৰয়োজন যে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী লোকসভাৰ সাংসদহোৱাৰ বিপৰীতে ছোনিয়া গান্ধী হৈছে ৰাজ্যসভাৰ সাংসদ। এনেকৈয়ে এতিয়া সংসদ ভৱনত প্ৰথমবাৰৰ বাবে একেলগে উপস্থিত থকা সৌভাগ্যৰ দুৱাৰ মুকলি হল গান্ধী পৰিয়ালৰ বাবে।

ৱায়নাড