
ডিজিটেল ডেস্ক : শেহতীয়াকৈ ২০২৩ বৰ্ষৰ একাডেমী বঁটা অথবা অস্কাৰত উজলি উঠিছিল এচ. এচ. ৰাজামৌলীৰ আৰ আৰ আৰ শীৰ্ষক বোলছবিখন । বোলছবিখনৰ নাটু নাটু শীৰ্ষক গানটোৱে অস্কাৰ লাভ কৰাৰ পাছত সমগ্ৰ বিশ্বতেই বিয়পি পৰিছিল গানটিৰ জনপ্ৰিয়তা । বিশ্বৰ বিভিন্ন জনপ্ৰিয় ছেলিব্ৰেটীয়ে গানটিৰ নৃত্য স্বকীয়ভাৱে প্ৰদৰ্শন কৰিছিল বিশ্ববাসীৰ সন্মুখত । আন হে নালাগে বৰং ভাৰতীয় ক্ৰিকেটৰ অন্যতম তাৰকা বিৰাট কোহলীয়েও খেলপথাৰৰ মাজতেই নাচিছিল গীতটোৰ ছন্দত ।
সেই গীতটিৰেই নৃত্য শৈলী দিল্লীৰ জনতাৰ সন্মুখত কৰি দেখুৱালে জাৰ্মানীৰ ৰাষ্ট্ৰদূতে ।লালকিল্লাৰ সন্মুখত আন বহু কেইজন লোকৰ সৈতে জাৰ্মানীৰ ৰাষ্ট্ৰদূত ফিলিপ একাৰমেনে পুৰণি দিল্লীৰ ৰাজপথত নাট নাটু শীৰ্ষক গীতটিৰ ছন্দত নাচি উঠাৰ ভিডিঅ'টি এতিয়া সৰ্বত্ৰে চৰ্চিত । বিশ্বব্যাপী জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা গীতটিত নৃত্য প্ৰদৰ্শন কৰি নিজৰ টুইটাৰ একাউন্টযোগে ভিডিঅ'টি প্ৰকাশ কৰিলে ৰাষ্ট্ৰদূত গৰাকীয়ে । ইয়াৰ সৈতেই গীতটি তথা বোলছবিখনৰ সৈতে জড়িত সকলোকে শুভেচ্ছাও জ্ঞাপন কৰে ।