Advertisment

২০৩০ ৰ ভিতৰত ভাৰতত ৩.৮ কোটি চাকৰিৰ ওপৰত পৰিব জেনেৰেটিভ এ আইৰ প্ৰভাৱ

২০৩০ চনৰ ভিতৰত ভাৰতত ৩.৮ কোটি চাকৰি জেনেৰেটিভ এআই প্ৰযুক্তিৰ দ্বাৰা পৰিৱৰ্তন হ'ব। যাৰ ফলত অৰ্থনীতিত ২.৬১ শতাংশ উৎপাদনশীলতা বৃদ্ধি হ'ব। ই ৱাই ইণ্ডিয়াৰ প্ৰতিবেদনত প্ৰকাশ।

author-image
Asomiya Pratidin
New Update
২০৩০ ৰ ভিতৰত ভাৰতত ৩.৮ কোটি চাকৰিৰ ওপৰত পৰিব জেনেৰেটিভ এ আইৰ প্ৰভাৱ 

ডিজিটেল ডেস্কঃ ২০৩০ চনৰ ভিতৰত ভাৰতত ৩.৮ কোটি চাকৰি জেনেৰেটিভ এআই প্ৰযুক্তিৰ দ্বাৰা পৰিৱৰ্তন হ'ব। যাৰ ফলত অৰ্থনীতিত ২.৬১ শতাংশ উৎপাদনশীলতা বৃদ্ধি হ'ব। ইয়াৰ উপৰিও, সংগঠিত (বিনিয়োগ-আধাৰিত) খণ্ডত উৎপাদনশীলতা বৃদ্ধি ২.৮২ শতাংশ বৃদ্ধি হ'ব। আনহাতে অসংগঠিত খণ্ডতো এআই গ্ৰহণ কৰিলে উৎপাদনশীলতা বৃদ্ধি হ'ব বুলি দাবী কৰিছে এক প্ৰতিবেদনত।

Advertisment

ই ৱাই ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, বিভিন্ন উদ্যোগত ২৪ শতাংশ চাকৰি সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় কৰিব পাৰি। আৰু এআইৰ জৰিয়তে আন ৪২ শতাংশ উন্নত কৰিব পাৰি। যাৰ ফলত জ্ঞান-আধাৰিত শ্ৰমিকসকলক প্ৰতি সপ্তাহত ৮ ৰ পৰা ১০ ঘণ্টা ৰাহি কৰিব পাৰি।

প্ৰতিবেদনখনত ই ৱাই ইণ্ডিয়াৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ মেমানীয়ে কয় যে, এই বিপ্লৱে চাকৰিৰ গাঁথনি মৌলিকভাৱে সলনি কৰিব। উৎপাদনশীলতা আৰু উদ্ভাৱন সৃষ্টি কৰিব। সেয়ে প্ৰতিটো সংগঠনত ক্ষমতা নিৰ্মাণৰ বাবে আভ্যন্তৰীণ কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু দক্ষতা বিকাশক প্ৰাথমিকতা দিয়াটো গুৰুত্বপূৰ্ণ।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ঔদ্যোগিক স্তৰত আটাইতকৈ ডাঙৰ উৎপাদনশীলতা বৃদ্ধিৰ সম্ভাৱনা সেৱা খণ্ডতে আছে যি শ্ৰমিকৰ পৰিমাণ অধিক আৰু মুঠ উৎপাদনৰ সৈতে সম্পৰ্কিত। অৱশ্যে, উৎপাদন আৰু নিৰ্মাণ খণ্ডৰ ওপৰত প্ৰভাৱ কম হ'ব।

যদিও এ আই প্ৰযুক্তিৰ প্ৰতিশ্ৰুতি বিশাল তথাপিও সমীক্ষা অনুসৰি ইয়াৰ গ্ৰহণ প্ৰক্ৰিয়া এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। কেৱল ১৫ শতাংশ সংগঠনে জেনেৰেটিভ এআই প্ৰযুক্তি ৰূপায়ণ কৰিছে। ৩৪ শতাংশই পি অ' চি সম্পূৰ্ণ কৰিছে। আৰু ১১ শতাংশই সফল পি অ' চি কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে।

ইয়াৰ উপৰিও, ভাৰতীয় কোম্পানীবোৰ বিভিন্ন ডাটা প্ৰস্তুতি পৰ্যায়ত আছে। সমীক্ষা অনুসৰি,  ভাৰতৰ ৩ শতাংশ কোম্পানীয়ে ডাটা সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিছে  আৰু ২৩ শতাংশ কোম্পানীয়ে এতিয়াও তথ্য প্ৰস্তুত কৰাৰ অৱস্থাত নাই।

১০ হাজাৰৰো অধিক চাকৰিৰ বিশ্লেষণত দেখা গৈছে যে, বিভিন্ন উদ্যোগত উৎপাদনশীলতাৰ পৰিৱৰ্তন পৃথক। জেনেৰেটিভ এ আইৰ বাবে আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহিব কল চেণ্টাৰ মেনেজমেণ্টলৈ। ইয়াত উৎপাদনশীলতা ৮০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি ছফ্টৱেৰ বিকাশত ৬১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰিও, কণ্টেণ্ট ডেভলপমেণ্ট আৰু বিতৰণত উৎপাদনশীলতা ৪৫ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে। সেইদৰে গ্ৰাহক সেৱাত ৪৪ শতাংশ শতাংশ, আৰু বিক্ৰী আৰু বিপণনত ৪১ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিবেদন অনুসৰি আইটি/আইটিইএছত উৎপাদনশীলতা ১৯ শতাংশ বৃদ্ধিৰ লগতে  স্বাস্থ্যসেৱাত ১৩ শতাংশ আৰু বেঙ্কিং/বীমা খণ্ডত ৮ ৰ পৰা ৯ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 

এ আই প্ৰযুক্তি