Advertisment

কিমান বিশাল হ'ব গৌতম আদানীৰ পুত্ৰৰ বিয়া?

দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীৰ কনিষ্ঠ পুত্ৰৰ বিয়া। অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব জীত আদানীৰ বিয়া। স্বাভাৱিকতে এই বিয়াক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে উৎকণ্ঠা। 

author-image
Asomiya Pratidin
New Update
কিমান বিশাল হ'ব গৌতম আদানীৰ পুত্ৰৰ বিয়া?

ডিজিটেল ডেস্কঃ দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীৰ কনিষ্ঠ পুত্ৰৰ বিয়া। অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব জীত আদানীৰ বিয়া। স্বাভাৱিকতে এই বিয়াক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে উৎকণ্ঠা। 

Advertisment

মাত্ৰ কেইটামান মাহৰ পূৰ্বে প্ৰায় শেষ নোহোৱা এখন বিয়া শেষ হোৱা যেন অনুভৱ কৰিছে দেশবাসীয়ে। বিখ্যাত উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াই সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছিল আলোড়ণ। 

সাধাৰণ মানুহে ঢুকি নোপোৱা, আকাশৰ তৰা সদৃশ বলিউডৰ তাৰকাক এই বিয়াত মুকেশ আম্বানীয়ে বাছত তুলি লৈ গৈছিল জামনগৰলৈ। গীতৰ তালে তালে নাচি নাচি ভাগৰি পৰিছিল এই তাৰকাসকল।

একেই দশা হৈছিল হলিউডৰ তাৰকাৰো। ৰিহানাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী পপ তাৰকাক সংগীতৰ অনুষ্ঠানৰ বাবে মাতি আনিছিল আম্বানীয়ে। আহিছিল বিশ্ব প্ৰসিদ্ধ উদ্যোগপতি, ক্ৰীড়াবিদ, তাৰকা, ৰাজনৈতিক নেতা।

মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰৰ বিয়া যিধৰণে পাতিলে সেই দৃশ্য মনত থকা দেশৰ সাধাৰণ নাগৰিকে গৌতম আদানীৰ পুত্ৰৰ বিয়াত আৰু কিমান বিশাল আয়োজন হ’ব তাকে চিন্তা কৰি পাৰ পোৱা নাই। এই বিয়াক লৈ ইতিমধ্যে নানান খবৰ বিয়পি পৰিছে।

কোন কোন হলিউডৰ তাৰকাই ভিৰ কৰিব তাৰো তালিকা প্ৰকাশ পাইছে। সেয়ে স্বাভাৱিকতে উৎকণ্ঠিত হৈ পৰিছে জনতা। পিছে বাণিজ্যত প্ৰতিযোগিতা থাকিলেও পুত্ৰ বিয়াত মুকেশ আম্বানীৰ সৈতে প্ৰতিযোগিতাত লিপ্ত নহয় গৌতম আদানী।

উদ্যোগপতিগৰাকীয়ে নিজেই পুত্ৰৰ বিয়াক লৈ চলি থকা বিভিন্ন চৰ্চাৰ সন্দৰ্ভত মুখ খুলিছে। প্ৰয়াগৰাজত চলি থকা মহা কুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ সময়ত গৌতম আদানীক সাংবাদিকে সুধিছিল পুত্ৰৰ বিয়াৰ কথা।

চৰ্চা চলিছিল জীত আদানীৰ বিয়াত সংগীত পৰিবেশনৰ বাবে আহিব টেইলৰ ছুইফত। তোৰাপৰি প্ৰকাশ পাইছিল, বিশ্বৰ কেইবাজনো প্ৰসিদ্ধ ৰান্ধনীক আহমেদাবালৈ লৈ অনা হ’ব। অতিথিসকলৰ বাবে শ শ বিলাসী বাহন বুক কৰা হৈছে।  

পিছে এই চৰ্চাৰ সত্যতা অস্বীকাৰ কৰিলে গৌতম আদনীয়ে। তেওঁ মহা কুম্ভ মেলাত সংবাদ মাধ্যমৰ আগত কয় জীত আদানীৰ বিবাহ ৭ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত স্থানত প্ৰচলিত পৰম্পৰাগত ৰীতি নীতি অনুসৰিয়েই সম্পন্ন হ’ব। একেবাৰে সাধাৰণ ভাৱে হ’ব এই বিয়া।  

লগতে তেওঁ এই বিয়াত চেলিব্ৰেটিৰ অংশগ্ৰহণক লৈয়ো স্পষ্টকৈ মন্তব্য কৰিছে। তেওঁ কয়, পৰম্পৰাগত ভাৱে এই বিয়া অনুষ্ঠিত হ’ব আৰু ইয়াত আমাৰ পৰিয়ালৰ সদস্যসকলহে উপস্থিত থাকিব।

লগতে তেওঁ পুত্ৰৰ বিয়াৰ বাবে গংগাৰ আশীৰ্বাদ ল’বলৈ মহা কুম্ভত পুত্ৰৰ সৈতে স্নান কৰিবলৈ আহিছে। উল্লেখ্য যে, গৌতম আদানী আৰু প্ৰীতি আদানীৰ কনিষ্ঠ পুত্ৰ জীত আদানীয়ে দিব্যা শ্বাহক বিয়া কৰাব। দিব্যা শ্বাহ উদ্যোগপতি জাইমিন শ্বাহৰ কন্যা। জীত আদানীয়ে আদানী গ্ৰুপত ২০১৯ চনত যোগদান কৰিছিল। 

 

গৌতম আদানী