দুই গেংষ্টাৰ হত্যাৰ স্বতন্ত তদন্তৰ শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে...

গেংষ্টাৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ আৰু আশ্ৰফৰ হত্যাৰ স্বতন্ত্ৰ তদন্ত বিছাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ২৪ এপ্ৰিলত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই শুনানি গ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
দুই গেংষ্টাৰ হত্যাৰ স্বতন্ত তদন্তৰ শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে...

দুই গেংষ্টাৰ

ডিজিটেল ডেস্কঃ গেংষ্টাৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ আৰু আশ্ৰফৰ হত্যাৰ স্বতন্ত্ৰ তদন্ত বিছাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ২৪ এপ্ৰিলত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই শুনানি গ্ৰহণ কৰিব ।

Advertisment

এই হত্যাকাণ্ডৰ বিচাৰৰ লগতে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশত সংঘটিত হোৱা ন্যায় বৰ্হিভূত হত্যাৰ সন্দৰ্ভতো শুনানি গ্ৰহণ কৰিব । শনিবাৰে দুই গেংষ্টাৰ ভাতৃদ্বয়ক প্ৰয়াগৰাজত চিকিৎসালয়লৈ নিয়াৰ পথত সাংবিদকৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়তে সংবাদকৰ্মীৰ বেশত অহা তিনি আততায়ীয়ে গুলিয়াই হত্যা কৰে ।

আততায়ী কেইজনক আদালতত হাজিৰ কৰোৱাৰ পিছতেই ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ হৈছিল সোমবাৰে পুনৰ হত্যাকাৰী কেইজনক প্ৰতাপগড় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে।

দুই গেংষ্টাৰ ভাতৃৰ হত্যাৰ স্বতন্ত তদন্ত বিচাৰি কৰা আবেদনৰ শুনানিত উল্লেখ কৰা হৈছে যে, আৰক্ষীৰ এনে কাৰ্যকলাপ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি গুৰুতৰ ভাবুকি কঢিওৱাৰ লগতে ইয়াৰ ফলত পুলিচৰাজ সৃষ্টি হ’ব ।

গণতান্ত্ৰিক ব্যৱস্থাত আৰক্ষীক চূড়ান্ত ন্যায় প্ৰদান কৰা বা শাস্তি দিয়াৰ অনুমতি দিব নোৱাৰি । অপৰাধীক শাস্তি প্ৰদানৰ ক্ষমতা কেৱল ন্যায়পালিকাৰ আছে ।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ তৰফৰ পৰা শুকুৰবাৰে জনোৱা তথ্য অনুসৰি ২০১৭ চনৰ পৰা সংঘটিত হোৱা এনকাউন্টাৰত নিহত হৈছে ১৮৩ জনকৈ অপৰাধী ।

Also Read: স্বামীৰ মৃত্যু হ’লে শাহু-শহুৰৰ ভৰণ-পোষণৰ বাবে দায়বদ্ধ নহয় বোৱাৰী...

দুই গেংষ্টাৰ স্বতন্ত্ৰ তদন্ত