গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনচাৰীৰ মৃত্যু...

গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনচাৰীৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যু আনচাৰীৰ।

author-image
Asomiya Pratidin
New Update
গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনচাৰীৰ মৃত্যু...

ডিজিটেল ডেস্কঃ গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনচাৰীৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যু আনচাৰীৰ। ২০০৫ চনৰ পৰা তেওঁ কাৰাবন্ধী হৈ আছিল। মৃত্যুুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

Advertisment

জে’লতে অসুস্থ হৈ পৰিছিল গেংষ্টাৰ আনচাৰী। তাৰপাছত তেওঁক বান্দা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় গেংষ্টাৰগৰাকীৰ। গেংষ্টাৰগৰাকী প্ৰথম অৱস্থাত অচেতন হৈ পৰিছিল। তাৰপাছত চিকিৎসালয়লৈ নিয়া হৈছিল।

বিগত কেইটামান দিনত প্ৰায়ে অসুস্থ হৈ আছিল আনচাৰী। তেওঁ দাবী কৰিছিল যে তেওঁক কোনোবাই বিহ দি হত্যা কৰাৰ চেষ্টা কৰিব পাৰে। বুধবাৰে প্ৰথম অৱস্থাত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

পাঁচবাৰৰ বিধায়ক মুখতাৰ আনছাৰীক ৯ জন চিকিৎসকে চিকিৎসা কৰিছিল। গেংষ্টাৰ মুখতাৰ আনচাৰীৰ জন্ম উত্তৰ প্ৰদেশৰ গাজীপুৰৰ মোহম্মদাবাদত হৈছিল। তেওঁ হত্যা, হত্যাৰ চেষ্টা, ভাবুকি, প্ৰৱঞ্চনাকে ধৰি বিভিন্ন অপৰাধনজনিত ঘটনাৰ অভিযুক্ত আছিল। প্ৰায় ৬৫ টা গোচৰ ৰুজু আছিল তেওঁৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ মৌ বিধানসভাৰ পৰা ৫ বাৰৰ বিধায়ক আছিল আনচাৰী।

Also Read: অজাপৰ পৰা পদত্যাগ GMCৰ ১নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সী

mukhtar ansari