গান্ধী পৰিয়ালৰ কোনোৱে অংশ নলয় দলৰ অধ্যক্ষ পদৰ নিৰ্বাচনত...

কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন সন্দৰ্ভত দলৰ ভিতৰত বিভিন্ন কুচকাৱাজ চলি আছে।

author-image
Asomiya Pratidin
New Update
গান্ধী পৰিয়ালৰ কোনোৱে অংশ নলয় দলৰ অধ্যক্ষ পদৰ নিৰ্বাচনত...

congress

ডিজিটেল ডেস্ক: কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন সন্দৰ্ভত দলৰ ভিতৰত বিভিন্ন কুচকাৱাজ চলি আছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শশী থাৰুৰৰ পিছত জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙেও দলৰ অধ্যক্ষ পদৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।

Advertisment

কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে সৈতে গান্ধী পৰিয়ালৰ কোনেও অধ্যক্ষ পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। ইয়াৰ পাছতেই এয়া স্পষ্ট হৈ পৰিছে যে ৰাহুল গান্ধীয়ে অংশ নলয় এই নিৰ্বাচনত।

কংগ্ৰেছ দলৰ সূত্ৰ অনুসৰি, অশোক গেহলটে অধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিয়নো দলৰ একাংশ নেতা তেওঁৰ সমৰ্থনত আছে। গেহলটক নেতা শশী থাৰুৰে প্ৰত্যাহ্বান জনাব পাৰে বুলি আশা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট মত প্ৰকাশ কৰা নাই। তেওঁ কৈয় যে ৰাহুল গান্ধীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিব।

উল্লেখ্য যে, ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন আৰু ফলাফল ঘোষণা হ'ব ১৯ অক্টোবৰত।

rahul gandhi sonia gandhi congress