ঘোষণা হ'ল 'গগনযান'ৰ ৪মহাকাশচাৰীৰ নাম

ঘোষণা হ'ল 'গগনযান'ৰ ৪মহাকাশচাৰীৰ নাম

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই 'গগণযান' নামৰ মানৱ মহাকাশযানত দেশৰ ৪ গৰাকী লোকক চন্দ্ৰলৈ পঠোৱাৰ বাবে যোজা চলাই আছে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ কাৰিকৰী ইউনিট উদ্বোধন কৰিবলৈ কেৰালাত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰোৰ মুৰব্বী এছ সোমনাথৰ সৈতে বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ পৰিদৰ্শন কৰে।

মানৱ মহাকাশ অভিযান 'গগনযান'ৰ মহাকাশচাৰীৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰে। কেৰালাৰ তিৰুৱনন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে ৪মহাকাশচাৰীৰ নাম ঘোষণা কৰে।

উল্লেখযোগ্য যে মহাকাশলৈ ভাৰতৰ প্ৰথম মানৱ অভিযানৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হৈছে গ্ৰুপৰ অধিনায়ক প্ৰশান্ত বালকৃষ্ণন নায়াৰ, অজিত কৃষ্ণণ, অংগদ প্ৰতাপ আৰু উইং কমাণ্ডাৰ সুভাংশু শুক্লা।

এই চাৰিজন মহাকাশচাৰীক মহাকাশ এজেঞ্চীৰ বেংগালুৰুৰ মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

ঘোষণা হ'ল 'গগনযান'ৰ ৪মহাকাশচাৰীৰ নাম
ব্ৰহ্মপুত্ৰৰ মথাউৰিৰে মুখ্যমন্ত্ৰীৰ বিশাল বাইক ৰেলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in