ডিজিটেল ডেস্কঃ বাহিৰত প্ৰৱল তুষাৰপাত। প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ বেলি ডুবাৰ লগে লগে ঘৰৰ ভিতৰত সন্তানসহ সোমাল এটা ৫ জনীয়া পৰিয়াল। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ জাপে জাপে গৰম কাপোৰ পিন্ধাৰ পাছতো ৰক্ষা পোৱা নাই।
তাৰ মাজতেই তেওঁলোকে জ্বলাই ল’লে ঘৰৰ ভিতৰত এল পি জি গেছৰ হিটাৰ। সেয়াই তেওঁলোকৰ বাবে হৈ পৰিল কাল সদৃশ। পাছ দিনা উদ্ধাৰ হ'ল পিতৃ, মাতৃ আৰু তিনি সন্তানৰ অচেতন দেহ।
ঘৰৰ কাষৰ একাংশ লোকে অচেতন অৱস্থাতেই তেওঁলোকক হাস্পতাললৈ লৈ গ'ল যদিও হাস্পতালত তেওঁলোকক চিকিৎসকে ঘোষণা কৰিলে মৃত বুলি।
তুষাৰপাত আৰু প্ৰচণ্ড শীতৰ মাজতে এইদৰে কৰুণ মৃত্যুক আকোৱালি ললে এটা পৰিয়ালে।
জানিব পৰা মতে শনিবাৰে নিশা পৰিয়ালটোৱে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ এল পি জি গেছৰ হিটাৰ জ্বলাই লৈছিল। দেওবাৰে দিনত উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। বাৰামুলা জিলাৰ বাসিন্দা এই পৰিয়ালটোৱে শ্ৰীনগৰত ভাড়াতীয়া হিচাপে আছিল।
এইদৰে পৰিয়ালটোৰ কৰুণ মৃত্যু হোৱাৰ বাবে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে, জম্মু কাশ্মীৰত শীতৰ সময়ত প্ৰায়ভাগ লোকেই ঘৰৰ ভিতৰ ভাগ গৰম কৰি ৰাখিবলৈ ৰুম হিটাৰ ব্যৱহাৰ কৰে।
তাৰ মাজতেই আকৌ আন বহুতে এল পি জি হিটাৰ ব্যৱহাৰ কৰে। কিন্তু ইয়েই বহু লোকৰ জীৱন কাঢ়িছে। কিয়নো এই এল পি জি গেছৰ হিটাৰৰ পৰা কাৰ্বন মনোক্সাইড নিৰ্গত হয়।
বন্ধ ঘৰত এই হিটাৰ ব্যৱহাৰ কৰিলে বিপদ প্ৰায় নিশ্চিত। কিয়নো ক্ষতিকাৰক এই গেছ বাহিৰলৈ ওলাই যাবলৈ নোৱাৰাৰ ফলত ঘৰৰ ভিতৰভাগত সম্পূৰ্ণকৈ বিয়পি পৰে আৰু অক্সিজেনৰ পৰিমাণ হ্ৰাস হয়। পাঁচ সদস্যৰ এই পৰিয়ালটোৰ সৈতে সেয়াই হ'ল। ক্ষতিকাৰক গেছ বাহিৰলৈ যাব নোৱাৰাত ঘৰৰ ভিতৰত অক্সিজেন হ্ৰাস পাই আৰু তেওঁলোকৰ মৃত্যু হয়।
সেইসমূহ উপদেশ সকলো লোককে মানি চলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে।