মাৰ্চিডিজৰ পৰা ৰেঞ্জ ৰভাৰ, থাৰলৈঃ শুভমণ গীলৰ গেৰেজ শুৱনি কৰিছে এইসমূহ বাহনে

তাৰকা ক্ৰিকেটাৰ তথা গুজৰাট টাইটানছৰ অধিনায়ক শুভমণ গীল এই কেইদিন চৰ্চাৰ শীৰ্ষত আছে। খেল পথাৰৰ বাহিৰে, ভিতৰে তেওঁৰ কাৰু-কাৰ্যই তেওঁক চৰ্চাত ৰাখিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মাৰ্চিডিজৰ পৰা ৰেঞ্জ ৰভাৰ, থাৰলৈঃ শুভমণ গীলৰ গেৰেজ শুৱণি কৰিছে এইসমূহ বাহনে

ডিজিটেল ডেস্কঃ তাৰকা ক্ৰিকেটাৰ তথা গুজৰাট টাইটানছৰ অধিনায়ক শুভমণ গীল এই কেইদিন চৰ্চাৰ শীৰ্ষত আছে। খেল পথাৰৰ বাহিৰে, ভিতৰে তেওঁৰ কাৰু-কাৰ্যই তেওঁক চৰ্চাত ৰাখিছে।

Advertisment

ষ্টাইলিছ যুৱ ক্ৰিকেটাৰগৰাকীয়েই যে ভাৰতীয় ক্ৰিকেটক পৰৱৰ্তী সময়ত নেতৃত্ব দিব সেয়াও স্পষ্ট হৈছে। ভাৰতীয় ক্ৰিকেটৰ প্ৰীন্স বুলি অভিহিত কৰা গীলৰ কান্ধত আছে উপ-অধিনায়কৰ দায়িত্ব।

প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী এফালে যিদৰে তেওঁৰ দক্ষতা, খেল পথাৰত কৰা প্ৰদৰ্শনৰ বাবে চৰ্চাত থাকে ঠিক সেইদৰেই তেওঁৰ বিলাসী জীৱনৰ বাবেও চৰ্চাত থাকে। বিলাসী বাহনৰ প্ৰতি শুভমণ গীলৰ আছে দুৰ্বলতা। এইবাৰ তেওঁ ইয়াৰ বাবেই আহিছে চৰ্চালৈ।

গীলৰ হাতত এই মুহূৰ্তত আছে কেইবাখনো বিলাসী বাহন। সেইসমূহৰ ভিতৰত ৰেঞ্জ ৰভাৰ ভেলাৰ, মাৰচিডিজ-বেঞ্জ ই৩৫০, মহিন্দ্ৰা থাৰ আদি।

ৰেঞ্জ ৰভাৰ ভেলাৰ

গীলে ক্ৰয় কৰা বিলাসী বাহনৰ অন্যতম ৰেঞ্জ ৰভাৰ ভেলাৰ। এই মডেলৰ আৰম্ভণি মূল্য প্রায় ৮০ লাখ টকা (এক্স-শ্ব'ৰুম)। এই বাহনখনত শক্তিশালী ২.০-লিটাৰ টাৰ্ব'চাৰ্জড চাৰি-ছিলিণ্ডাৰ ইঞ্জিন আছে, যি প্ৰায় ২৪৭ হৰ্ছপাওৱাৰ উৎপন্ন কৰে। এই SUV অতি আৰাম দায়ক হোৱাৰ বাবে চহৰাঞ্চলৰ লগতে দীঘলীয়া যাত্ৰাৰ বাবে অতি উপযুক্ত এক বাহন।

মাৰ্চিডিজ-বেঞ্জ E350

গীলক বহু সময়ত মাৰ্চিডিজ-বেঞ্জ E350 বাহনত দেখা গৈছে। এই বাহনখনৰ মূল্য প্ৰায় ৯০ লাখ ৰ পৰা ৯৩ লাখ টকা (এক্স-শ্ব'ৰুম)। এই বিলাসী বাহনত ৩.০-লিটাৰ V6 ইঞ্জিন আছে। এই বিলাসী বাহনখন প্ৰিমিয়াম ফিচাৰ, ড্ৰাইভিঙৰ অনন্য অভিজ্ঞতা প্রশস্ত কেবিনৰ বাবে পৰিচিত।

মাহিন্দ্ৰা থাৰ

এডভেঞ্চাৰ প্ৰেমী শুভমান গীলৰ গেৰেজ শুৱনি কৰিছে মাহিন্দ্ৰা থাৰেও। এই বাহনখন ভাৰতৰ শীৰ্ষ উদ্যোগপতি আন্নদ মাহিন্দ্ৰাই তেওঁলৈ ২০২০-২০২১ বৰ্ষত ব’ৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে উপহাৰ হিচাপে আগবঢ়াইছিল। এই অফ-ৰোডাৰ বাহনখনৰ মূল্য প্ৰায় ১০.৫৫ লাখ ৰ পৰা ১৬.৭৮ লাখ টকা (এক্স-শ্ব'ৰুম)। 

 

শুভমণ গীল