ৰাজীৱৰ পৰা ৰাহুললৈ, চাৰমিনাৰত উপস্থিত হৈ পিতৃক স্মৰণ ৰ‍াহুল গান্ধীৰ...

ৰাজীৱৰ পৰা ৰাহুললৈ, চাৰমিনাৰত উপস্থিত হৈ পিতৃক স্মৰণ ৰ‍াহুল গান্ধীৰ...

ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ই মঙলবাৰে উপস্থিত হ'ল হায়দাৰাবাদৰ বিখ্যাত চাৰমিনাৰত । চাৰমিনাৰত উপস্থিত হৈ আবেগিক হৈ পৰিল কংগ্ৰেছী নেতা গৰাকী । চাৰমিনাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি নেতা গৰাকীয়ে মন্তব্য কৰে যে, ঠিক ৩২ বছৰ পূৰ্বে তেখেতৰ পিতৃ ৰাজীৱ গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ অনুৰূপ সদ্ভাৱনা যাত্ৰা আৰম্ভ কৰিছিল চাৰমিনাৰৰ পৰাই । ইয়াৰ ওপৰিও পিতৃৰ সদ্ভাৱনা যাত্ৰাৰ মূল উদ্দেশ্যক কংগ্ৰেছ দলে সদায় পালন কৰিব বুলিও জনাই নেতা গৰাকীয়ে ।

দেশৰ ৰাজনৈতিক জগতৰ দুটা ভিন্ন প্ৰজন্মই প্ৰায় একেই উদ্দেশ্যেৰে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছিল দুটি পদযাত্ৰাৰ । মাজত সুদীৰ্ঘ ৩২ টা বৰ্ষ । কূটাঘাতকাৰীৰ হাতত মৃত্যু বৰণ কৰিব লগীয়া হোৱা ৰাজীৱ গান্ধীৰ ৩২ বছৰ পূৰ্বেই ভাৰতবাসীক একত্ৰিত কৰাৰ পৰিকল্পনাৰ কথা সুৱঁৰি স্মৃতিকাতৰ হৈ পৰে ৰাহুল গান্ধী ।

আনহাতে, কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া চিনাটেই এই সমগ্ৰ প্ৰক্ৰিয়াটোক 'ৰাজীৱৰ পৰা ৰাহুললৈ' আখ্যা দি মন্তব্য কৰে যে, ৰাজীৱ গান্ধীৰ সদ্ভাৱনা যাত্ৰাৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰালৈ দেশত শান্তি-সম্প্ৰীতিৰ হকে সেৱা আগবঢ়া যাবলৈ সক্ষম হৈছে ভাৰতী জাতীয় কংগ্ৰেছ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in