পেহেলগামৰ পৰা শক্তিৰ কেন্দ্ৰলৈ: নতুন বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত ভাৰতৰ উত্থান

ড'নাল্ড ট্ৰাম্পৰ বাণিজ্য যুদ্ধ, পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থান অব্যাহত আছে।

author-image
Tushar Pratim
New Update
পেহেলগামৰ পৰা শক্তিৰ কেন্দ্ৰলৈ: নতুন বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত ভাৰতৰ উত্থান

ডিজিটেল ডেস্কঃ ড'নাল্ড ট্ৰাম্পৰ বাণিজ্য যুদ্ধ, পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থান অব্যাহত আছে। এনে উত্থানৰ মাজতে ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি ৰূপে স্থান লাভ কৰিছে। ভাৰতৰ আগত আছে আমেৰিকা, চীন আৰু জাৰ্মানী।

Advertisment

এই ঐতিহাসিক মাইলষ্ট’নৰ বিষয়ে নীটি আয়োগৰ CEO বি.ভি.আৰ. সুব্ৰমণ্যমে দশম গভৰ্ণিং কাউন্সিল বৈঠকৰ পিছত নিশ্চিত কৰিছে। তেওঁ কয় যে, বৰ্তমানৰ ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অত্যন্ত অনুকূল আৰু বিশ্বৰ বিনিয়োগকাৰীসকলে ভাৰতক এক স্থিতিশীল আৰু উচ্চ সম্ভাৱনামূলক গন্তব্য স্থান হিচাপে বিবেচনা কৰিছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ (IMF) ৰ ২০২৫ চনৰ তথ্য অনুসৰি, ভাৰতৰ বৰ্তমান GDP  ৪.১৯ ট্রিলিয়ন ডলাৰ। ইয়াৰ বিপৰীতে আমেৰিকাৰ ৩০.৫১ ট্রিলিয়ন ডলাৰ, চীনৰ ১৯.২৩ ট্রিলিয়ন ডলাৰ আৰু জাৰ্মানীৰ ৪.৭৪ ট্রিলিয়ন ডলাৰ।

ভাৰতৰ এই উত্থান দৃঢ় অৰ্থনৈতিক ভেঁটিৰ নীতিৰ সুধৰণি আৰু দীৰ্ঘম্যাদি উন্নয়ন পৰিকল্পনাৰ বাবে সম্ভৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ আন্তঃগাঁথনি বিকাশক কেন্দ্ৰবিন্দু হিচাপে ধৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ, বিমানবন্দৰ, মেট্ৰো নেটৱৰ্ক, আৰু লজিষ্টিক কৰিডৰসমূহৰ উন্নয়ন বৃদ্ধি হৈছে। গতি শক্তি প্লেটফৰ্মে মন্ত্রালয়সমূহৰ মাজত তথ্য একত্ৰিত কৰি আগুৱাই নিয়া হৈছে।

Make in India কেৱল মাত্ৰ শ্লোগানৰ পৰিবৰ্তে, বাস্তৱত ৰূপ লৈছে। ইলেক্ট্ৰনিক্স, চেমিকণ্ডাক্টৰ, অট’ম’বাইল আৰু ঔষধ শিল্পসমূহে এতিয়া বিদেশী বিনিয়োগ আকৰ্ষণ কৰিছে। এপলে ভাৰতত আইফোন নিৰ্মাণ আৰম্ভ কৰিছে।

ভাৰতত এতিয়া ১০০ৰো অধিক ইউনিকৰ্ণ আছে আৰু ই বিশ্বৰ শীৰ্ষ ৩ টা ষ্টাৰ্টআপ ইক’চিষ্টেমৰ ভিতৰত অন্যতম। ষ্টাৰ্টআপৰ এই চিন্তা কেৱল মাত্ৰ মহানগৰসমূহতে সীমাবদ্ধ হৈ থকা নাই। এই চিন্তাই  চহৰপৰা গাঁৱলৈ বিস্তৃত হৈছে, বিশেষকৈ ফিনটেক, এগ্ৰিটেক, এডটেক আৰু হেল্থটেকৰ ক্ষেত্ৰত।

Startup India, Digital India, আৰু UPIৰ দৰে আঁচনিসমূহে এটা সুদৃঢ় ডিজিটেল আৰু বিত্তীয় আন্তঃগাঁথনি গঢ়ি তুলিছে। যুৱ শক্তি, প্ৰযুক্তিমুখী জনতা আৰু ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰৰ জৰিয়তে ভাৰত বিশ্বৰ উদ্ভাৱন কেন্দ্ৰলৈ পৰিণত হ’বলৈ সাজু হৈছে।

কেৱল মাত্ৰ চহৰকেন্দ্ৰিকেই নহয়, চৰকাৰে গাঁৱৰ উন্নয়নতো সমানে গুৰুত্ব দিছে। পানী, বিদ্যুৎ, শৌচালয়, পথ  সকলোতে দেখা গৈছে দৃশ্যমান উন্নয়নৰ সাফল্য। পি এম আৱাস যোজনা, পি এম গ্ৰাম সড়ক যোজনা, উজ্জলা যোজনায়ে কোটিকোটি গ্ৰাম্য জনতালৈ গৌৰৱ কঢ়িয়াই আনিছে। 

চুবুৰীয়া চীন অৰ্থনৈতিক মন্দাৰ মাজেৰে আগবাঢ়িছে, সেয়ে বিশ্বৰ দৃষ্টি এতিয়া ভাৰতলৈ পৰিছে। স্থিতিশীল নেতৃত্ব, বৃহৎ গৃহবজাৰ আৰু নীতি-সুধৰণিৰ বাবে ভাৰত হৈছে ‘next big growth engine’। যাৰ বাবে ২০২৪ বিত্তীয় বৰ্ষত ভাৰতলৈ FDI প্রবাহ ৭০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।

নৱীকৰণযোগ্য শক্তি, আন্তঃগাঁথনি, প্ৰতিৰক্ষা আৰু উৎপাদন খণ্ডত ব্যাপক বিদেশী আগ্ৰহ দেখা গৈছে। বৈশ্বিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ বৈদেশিক মুদ্ৰা সঞ্চয় সবল, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে।২০২৫ বিত্তীয় বৰ্ষতো ভাৰতৰ জিডিপি ৬.৮ শতাংশৰ পৰা ৭ শতাংশৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে, যি বিশ্বৰ ভিতৰত আটাইতকৈ উচ্চ।

India Stack, Aadhaar, DigiLocker, UPI — এইবোৰেও নাগৰিক সেৱাত এক বিপ্লৱ আনিছে। বৈদ্যুতিক বাহন, গ্ৰীণ হাইড্ৰজেন, চেমিকণ্ডাক্টৰ আৰু মহাকাশ খণ্ডত বিনিয়োগ বৃদ্ধি পাইছে।চন্দ্ৰযান-৩ উৎক্ষেপণ, দেশীয় 5G আৰু প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণে ভাৰতৰ সক্ষমতা প্ৰমাণ কৰিছে।

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ৰাজনৈতিক স্থিৰতাই দীঘলীয়া লক্ষ্যৰ পথ মুকলি কৰিছে। একে দিশৰ অৰ্থনৈতিক দৃষ্টিভংগী আৰু পৰিকল্পনাই বিনিয়োগকাৰীক আস্থা যোগাইছে।

আত্মনির্ভৰ ভাৰত মাত্ৰ নীতিৰ পৰিবৰ্তে এক ৰাষ্ট্ৰীয় আন্দোলনলৈ পৰিবৰ্তন হৈছে। ২০২৪ বিত্তীয় বৰ্ষত ভাৰতে ২১,০০০ কোটিৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানিৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। নীতি আয়োগৰ মতে বিগত ১০ বছৰত ২৫ কোটিৰো অধিক মানুহ দাৰিদ্ৰ্যৰ পৰা মুক্ত হৈছে। মহিলা অংশগ্ৰহণ, শিক্ষাৰ মান, স্বাস্থ্য আৰু পুষ্টিত যথেষ্ট উন্নতি হৈছে।

পেহেলগাম অৰ্থনীতি