আম্বানী পৰিয়ালৰ চাৰি প্ৰজন্মই স্নান কৰিলে মহাকুম্ভত

দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ অম্বানীয়ে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত তেওঁৰ মাতৃ, পুত্ৰ আৰু নাতি-নাতিনীসহ পৱিত্ৰ স্নান কৰে।

author-image
Asomiya Pratidin
New Update
আম্বানী পৰিয়ালৰ চাৰি প্ৰজন্মই স্নান কৰিলে মহাকুম্ভত

ডিজিটেল ডেস্কঃ দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ অম্বানীয়ে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত তেওঁৰ মাতৃ, পুত্ৰ আৰু নাতি-নাতিনীসহ পৱিত্ৰ স্নান কৰে। মুকেশ অম্বানীয়ে তেওঁৰ মাতৃ কোকিলাবেন, পুত্ৰ আকাশ আৰু অনন্ত, বোৱাৰী শ্লোকা আৰু ৰাধিকা, নাতি-নাতিনী পৃথ্বী আৰু বেদা, ভগ্নী দীপ্তি সালগাঁওকাৰ আৰু নিনা কোঠাৰীৰ সৈতে একেলগে স্নান কৰে।

Advertisment

এই সময়ত তেওঁলোকৰ সৈতে মুকেশ অম্বানীৰ শাহুৱেক পুনমবেন দালাল আৰু ননদ মমথাবেন দালালো উপস্থিত আছিল। 

আজি ত্ৰিবেণী সংগনস্থলীত অম্বানী পৰিয়ালৰ চাৰি প্ৰজন্মই লক্ষাধিক ভক্তৰ সৈতে আধ্যাত্মিক পৰিবেশৰ মাজত বিলীন হৈ পৰে। মহাকুম্ভ উপলক্ষে তেওঁলোকো স্নান কৰাৰ সময়ত নিৰঞ্জনী আখড়াৰ স্বামী কৈলাশানন্দ গিৰী জী মহাৰাজে গংগা পূজা সম্পন্ন কৰে।

ইয়াৰ পিছত অম্বানীয়ে পৰমাৰ্থ নিকেতন আশ্ৰমৰ স্বামী চিদানন্দ সৰস্বতী মহাৰাজৰ সৈতে সাক্ষাৎ কৰে। আশ্ৰমত অম্বানী পৰিয়ালে মিঠাই আৰু লাইফ জেকেট বিতৰণ কৰে। 

উল্লেখ্য যে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে মহা কুম্ভৰ যাত্ৰীসকলক সেৱা আগবঢ়োৱাৰ বাবে তীৰ্থ যাত্ৰী সেৱাৰ জৰিয়তে বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে। ৰিলায়েন্সৰ উই কেয়াৰদৰ্শনৰ আধাৰত যাত্ৰীসকলক পুষ্টিকৰ খাদ্য, স্বাস্থ্য সেৱা, সুৰক্ষিত যাতায়ত, উন্নত সংযোগ আৰু অন্যান্য সেৱা আগবঢ়োৱা হৈছে।

তাৰোপৰি মহাকুম্ভ নেলাস্থলীত ৰিলায়েঞ্চে আৰামদায়ক বিশ্ৰামৰ স্থান, স্পষ্ট দিশ নিৰ্দেশনা আৰু প্ৰশাসনিক কৰ্মচাৰী, আৰক্ষী আৰু লাইফগাৰ্ডসকলকো সহায় আগবঢ়াই আহিছে।

মুকেশ আম্বানী মহাকুম্ভ মেলা