প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেহাৱসান : প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেহাৱসান : প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেহাৱসান : প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিং আৰু নাই। ৯৩ বছৰ বয়সত শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতাগৰাকীয়ে।

গুৰুগ্ৰামৰ মেদন্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে নাটৱৰ সিঙে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কিছুদিন পূৰ্বে তেঁওক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শনিবাৰে নাটৱৰ সিঙৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত তেঁওৰ মৃত্যু হয়।

ইফালে তেঁওৰ অন্ত্যোষ্টিক্ৰিয়া সন্দৰ্ভত পৰিয়ালৰ লোকে কেতবোৰ কথা জানিবলৈ দিয়ে। ৰাজস্থানত সম্পন্ন কৰা হ’ব অন্ত্যোষ্টিক্ৰিয়া। সামাজিক ৰীতি-নীতি অনুসাৰে দেওবাৰে তেঁওৰ সৎকাৰ কাৰ্য্য সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জনায়।  

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ, কে নটৱাৰ সিং ২০০৪-০৫ বৰ্ষত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্বত আছিল। তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল নাটৱৰ সিং।

তদুপৰি ইন্দিৰা গান্ধী চৰকাৰৰ সময়ছোৱাতো তেঁও পাকিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে।

Also Read: ইউটিউবৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকি আৰু নাই

External Affairs Minister K Natwar Singh