আজি শেষকৃত্য সম্পন্ন হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...

আজি শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ। ২৬ ডিচেম্বৰ, ২০২৪ ৰ নিশা দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰা ড০ মনমোহন সিঙৰ শেষকৃত্য অনু্ষ্ঠান আজি দিনৰ ১১-৪৫ বজাত সম্পন্ন হ’ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আজি শেষকৃত্য সম্পন্ন হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...

ডিজিটেল ডেস্কঃ আজি শেষকৃত্য সম্পন্ন হব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ। ২৬ ডিচেম্বৰ, ২০২৪ ৰ নিশা দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰা ড০ মনমোহন সিঙৰ শেষকৃত্য অনু্ষ্ঠান আজি দিনৰ ১১-৪৫ বজাত সম্পন্ন হব।

মৃত্যুৰ সময়তড০ সিঙৰ বয়স আছিল ৯২ বছৰ। দেশৰ অৰ্থনৈতিক সংস্কাৰত মনমোহন সিঙৰ ভূমিকা অনস্বীকাৰ্য্য আছিল। তেওঁৰ পদক্ষেপতেদেশত উদাৰ অৰ্থনীতিৰ পথ আৰম্ভ হৈছিল। শুকুৰবাৰে দিনৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেতৃত্বৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্ব, মন্ত্ৰী, সাংসদ, বিধায়কৰ উপৰিও বিভিন্ন শ্ৰেণীৰ লোকে দিল্লীত থকা তেওঁৰ বাসভৱনত মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তাৰোপৰি বহু বিদেশ ৰাষ্ট্ৰৰনেতাই ড০ মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।আজি শেষকৃত্য সম্পন্ন হোৱাৰ পূৰ্বে ড০ মনমোহন সিঙৰ নশ্বৰদেহ দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ'ব।

কংগ্ৰেছ নেতৃত্বই তাত পুনৰ এবাৰ দুবাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক শেষ শ্ৰদ্ধা জনাব। ইয়াৰ পিছত, তেওঁক দিল্লীৰ নিগমবোধ ঘাটত আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্তিম বিদায় জনোৱা হ'ব।

ড০ মনমোহন সিং