বিৰাট-অনুষ্কাৰ জীৱনলৈ নতুন আলহীৰ আগমন

ভামিকাৰ পিছত দ্বিতীয়বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে

author-image
Asomiya Pratidin
New Update
বিৰাট-অনুষ্কাৰ জীৱনলৈ নতুন আলহীৰ আগমন

ডিজিটেল ডেস্ক : চেলিব্ৰেটি জগতৰ অন্যতম সফল দম্পতি বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা। দুয়ো দুয়োৰে ক্ষেত্ৰত প্ৰায়ে চৰ্চাত থাকে। ইয়াৰোপৰি বিৰাট কোহলিৰ খেলৰ সময়ত দৰ্শকৰ আসনত সততে দেখা পোৱা যায় অনুষ্কা শৰ্মাক।

Advertisment

২০১৭ চনত ইটালীত বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। দুয়োৰে প্ৰেমৰ চিন কন্যা সন্তান 'ভামিকা'। ভামিকা তেওঁলোকৰ প্ৰথম সন্তান।

ভামিকাৰ পিছত দ্বিতীয়বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে। মঙলবাৰে অনুষ্কা শৰ্মাই জন্ম দিয়ে এটি পুত্ৰ সন্তান। বিৰুষ্কাৰ এয়া দ্বিতীয়টো সন্তান। সন্তানটিৰ নাম ৰাখিছে 'অকায়'। জুনিয়ৰ কোহলি 'অকায়'ৰ জন্ম হোৱাৰ কথা সামাজিক মাধ্যমযোগে কোহলিয়ে গুণমুগ্ধসকলক জনায়।

সম্প্ৰতি সাময়িকভাৱে ক্ৰিকেটৰ পৰা আঁতৰি আছে বিৰাট কোহলি। হয়তো কিছুদিন পাছত পুনৰ ভাৰতীয় দলৰ শিবিৰত যোগ দিব।

Also Read: ৰঙিয়াৰ মানৱেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ আৰম্ভ

anushka sharma virat kohli