/asomiyapratidin/media/media_files/2025/05/14/fKelWpkcQkmNUIXrNGgC.jpg)
ডিজিটেল ডেস্কঃ ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰতিৰক্ষা সচিব অজয় কুমাৰক। যোৱা ২৯ এপ্ৰিলত প্ৰীতি চুডানৰ ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে কাৰ্যকাল অন্ত পৰাৰ পিছত ইউ পি এছ চিৰ অধ্যক্ষ পদত খালী হৈ আছিল।
১৩ মে’ত ইউনিয়ন পাৰ্ছনেল মিনিস্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমতি সাপেক্ষে এক নিৰ্দেশনাৰ জৰিয়তে অজয় কুমাৰক নিযুক্তিৰ কথা ঘোষণা কৰিছে। কেৰালা কেডাৰৰ ১৯৮৫ বেটচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া অজয় কুমাৰে ২০১৯ চনৰ ২৩ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ অক্টোবৰলৈকে প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্ত আছিল।
উল্লেখ্য যে, আই এ এছ, ভাৰতীয় বৈদেশিক সেৱা চমুকৈ আই এফ এছ, ভাৰতীয় আৰক্ষী সেৱা চমুকৈ আই পি এছ আদিৰ বাবে বিষয়া নিৰ্বাচনৰ বাবে অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰে ইউ পি এছ চিয়ে। ইউ পি এছ চিৰ নেতৃত্বত থাকে এগৰাকী অধ্যক্ষ আৰু সৰ্বাধিক ১০ গৰাকী সদস্য।
বৰ্তমান এই আয়োগত সদস্যৰ দুটা পদ খালী হৈ আছে। ইয়াৰ অধ্যক্ষগৰাকীৰ কাৰ্যকাল ৬ বছৰ বাবে বা তেওঁৰ বয়স ৬৫ বছৰ সম্পূৰ্ণ নোহোৱালৈকে এই পদত নিযুক্ত হৈ থাকিব পাৰে।