Advertisment

হাস্পতালৰ বিচনাৰ পৰা বিনোদ কাম্বালিয়ে ক'লে- 'মদ নাখাব'

অসুস্থ হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বালিৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ হৈ উঠিছে।চিকিৎসালয়ৰ বিচনাৰ পৰা পূৰ্বতকৈ সুস্থ হোৱা বুলি নিজেই প্ৰকাশ কৰিছে বিনোদ কাম্বালিয়ে। 

author-image
Asomiya Pratidin
New Update
হাস্পতালৰ বিচনাৰ পৰা বিনোদ কাম্বালিয়ে ক'লে- 'মদ নাখাব'

হাস্পতালৰ বিচনাৰ পৰা বিনোদ কাম্বালিয়ে ক'লে- 'মদ নাখাব'

ডিজিটেল ডেস্কঃ অসুস্থ হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বালিৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ হৈ উঠিছে।চিকিৎসালয়ৰ বিচনাৰ পৰা পূৰ্বতকৈ সুস্থ হোৱা বুলি নিজেই প্ৰকাশ কৰিছে বিনোদ কাম্বালিয়ে। 

Advertisment

তেওঁ আশা প্ৰকাশ কৰিছে দুই, এদিনৰ ভিতৰত তেওঁ স্বাভাৱিক জীৱন ঘূৰাই পাব। বৰদিনৰ পূৰ্বে হাস্পতালৰ বিচনাৰ পৰা তেওঁৰ অনুৰাগী আৰু শুভ চিন্তকসকললৈ এই বাৰ্তাই প্ৰেৰণ কৰিছে।

এসময়ৰ ভাৰতীয় ক্ৰিকেটত তাৰকাৰ শাৰীলৈ উন্নীত হোৱা বিনোদ কাম্বালিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দক্ষতাৰে নিজৰ উপস্থিতিৰ প্ৰমাণ দাঙি ধৰাৰ সময়তে সফলতা, নাম, জখ, জনপ্ৰিয়তাই তেওঁক ধ্বংসমুখী বাটলৈ লৈ আনে। নিয়ামনুবৰ্তিতা আৰু বেচিজিল জীৱন প্ৰণালীৰ বাবেই এসময়ত এই ক্ৰিকেটাৰগৰাকীক দলৰ পৰাই বাদ দিবলৈ বাধ্য হৈছিল মেনজমেণ্টে।

ক্ৰিকেটৰ পৰা এইদৰেই আঁতৰি আহি এসময়ত সম্পূৰ্ণ ৰূপে হেৰাই গৈছিল এইগৰাকী তাৰকা। ক্ৰিকেটৰ পৰা আঁতৰি অহাৰ পাছত সুৰাই হৈ পৰিছিল কাম্বালিৰ লগৰী।

ফলত বিভিন্ন সময়ত কাম্বালিৰ অপ্ৰকৃতিষ্ঠ অৱস্থাৰ ছবিও সংবাদ মাধ্যম, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। অত্যাধিক সুৰা সেৱন কৰাৰ বাবেই তেওঁ হৈ পৰিছিল অসুস্থ।

যোৱা কেইবাদিনো চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কাম্বালি সুস্থ হৈ উঠাত তেওঁৰ অনুৰাগীসকল আনন্দিত হৈ উঠিছে। সমান্তৰালকৈ অনুৰাগীসকলে তেওঁক এতিয়াৰে পৰা অখাদ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

কাম্বালিয়েও হয়তো সুৰাৰ ভয়াৱহতা উপলব্ধি কৰিছে। সেয়ে চিকিৎসালয়ৰ বিচনাৰ পৰা তেওঁ নিজেই সকলোকে সুৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰি কয়, সন্মুখত বৰদিন আৰু নতুন বছৰ। জীৱন উপভোগ কৰক। কিন্তু আনন্দত সকলো পাহৰি নাযাব। মাতাল হৈ নপৰিব। কাৰণ মা-দেউতাই সেয়া ভাল নাপায়।

কাম্বালিয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বেই অৱশ্যে কৈছিল তেওঁ এতিয়া সুৰা সেৱন নকৰে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেওঁৰ মূত্ৰনলীৰ সংক্ৰমণৰ চিকিৎসা চলিছিল। মগজুত ৰক্ত জমা হোৱাত বাধা হৈছে বুলিও জানিব পৰা গৈছে।

কাম্বালিয়ে জনোৱা মতে তেওঁ এতিয়া বহু সুস্থ হৈছে। ক্ৰিকেটক তেওঁ কেতিয়াও পাহৰিব নোৱাৰে।এতিয়াও মনত আছে তেওঁ কেতিয়া শতক আৰু দ্বিশতক কৰিছিল। কিছু দিনৰ পাছতেই সম্পূৰ্ণ সুস্থ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰিছে তেওঁ।

অৱশ্যে কাম্বালিয়ে নিজকে সুস্থ হৈছে বুলি দাবী কৰিলেও তেওঁ যে এতিয়াও অসুস্থ সেয়া সহজেই বুজিব পৰা গৈছে। কথা কোৱাৰ সময়ত বাৰে বাৰে তেওঁৰ মুখ খন বেঁকা হৈ গৈছে। কিন্তু তাৰ পাছতো তেওঁৰ মুখত হাঁহি দেখা গৈছে। তেওঁ কৈছে মই যুঁজিবলৈ নেৰো। যুঁজি যাম।

 

সুৰা বিনোদ কাম্বলি ক্ৰিকেট