/asomiyapratidin/media/media_files/2025/06/04/s3FgjGIUFaU5TSct6QRz.jpg)
ডিজিটেল ডেস্কঃ শুল্ক সম্পৰ্কীয় অনিশ্চয়তা হ্ৰাস পালে ভাৰতীয় বজাৰ বিনিয়োগকাৰীসকলৰ বাবে এছিয়াৰ ভিতৰত শীৰ্ষ তিনি গন্তব্যৰ ভিতৰত পৰিণত হ'ব বুলি এক প্ৰতিবেদনত উল্লেখ কৰিছে BofA Securities ৰ এগৰাকী কাৰ্যবাহী বিষয়াই।
BofA Securities ৰ গ্ল'বেল ইমাৰ্জিং মাৰ্কেটছ ফিক্সড ইনকাম ষ্ট্ৰেটেজীৰ মুখ্য ডেভিড হাউনে এই সন্দৰ্ভত কয়, আন এছিয়ান বজাৰৰ তুলনাত ভাৰতত অধিক বিকাশৰ সম্ভাৱনা আছে। যি বিদেশী বিনিয়োগকাৰীৰ বাবে এক আকর্ষণীয় গন্তব্য হ’বলৈ সক্ষম।"
তেওঁ লগতে কয়, টাইৱান আৰু দক্ষিণ কোৰিয়াও বিদেশী বিনিয়োগৰ আগ্ৰহৰ কেন্দ্ৰ হ’ব পাৰে। উল্লেখ্য যে, মঙলবাৰে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে ৮৫.৫৯ হলেও ২০২৪ চনৰ পৰা এই পৰ্যন্ত ২.৯ শতাংশ পতন হোৱাৰ পিছত প্ৰায় স্থিৰ অৱস্থাত আছে।
ডেভিড হাউনে আশা প্ৰকাশ কৰিছে যে ২০২৫ ৰ শেষলৈ এই ভাৰতীয় মুদ্ৰা ৮৪ টকা পৰ্যন্ত উন্নীত হ’ব। তেওঁ আৰু কয়,"মই আশা কৰোঁ যে ২০২৫ ৰ দ্বিতীয় ভাগৰ পৰা অধিক বৈদেশিক বিনিয়োগ ভাৰতলৈ আহিব। বিশ্বজুৰি মূল্যস্ফীতি হ্ৰাস পোৱা প্ৰমাণৰ সৈতে উদীয়মান বজাৰৰ ফিক্সড ইনকামত বিনিয়োগকাৰী অধিক আশাবাদী হ'ব।"
তেওঁ কয়, ট্ৰাম্পৰ শুল্ক নীতিৰ বাবে মূল্যস্ফীতিৰ ভয় আৰু ট্রেজাৰি বিক্ৰিৰ সম্ভাৱনাৰ ফলত আমেৰিকাৰ বণ্ডৰ লাভৰাশি বৃদ্ধি পাইছে আৰু ডলাৰ মুদ্ৰা কমি আহিছে। তেওঁ কয়, ইতিবাচক দৃষ্টিভংগীৰ পিছতো, এপ্ৰিল আৰু মে’ মাহত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় চৰকাৰী বণ্ডৰ মূল্যত ৩২০ বিলিয়ন টকাতকৈ অধিক হ্ৰাস কৰিছে।
BofA Securities-এ ২০২৫ চনৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) নীতিৰ হাৰ ৫০ বেছিছ পইণ্ট (bps) হ্ৰাস কৰিব বুলি আশা কৰিছে। চলিত বছৰত RBI-এ ইতিমধ্যে ৫০ bps হ্ৰাস কৰিছে।