
ডিজিটেল ডেস্ক : দেশৰ চোৰাংচোৱা সংস্থাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰ এন কুলকাৰ্নীক শনিবাৰে নৃশংসভাৱে হত্যা কৰা হয় । হত্যাকাৰীয়ে দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা সমগ্ৰ ঘটনাটো বন্দী হৈ ৰয় দুৰ্ঘটনাস্থলীৰ ওচৰৰ এটি চি চি কেমেৰাৰ লেন্সত । বৰ্ষীয়ান আৰ এন কুলকাৰ্নীয়ে প্ৰাত:ভ্ৰমনলৈ ওলাই অহা সময়তে তীব্ৰ বেগত অহা এখন গাড়ীয়ে ইচ্ছাকৃত ভাৱে খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা । এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় মহীশূৰৰ মানস গংগোত্ৰী কেম্পাচৰ ভিতৰত ।
উল্লেখ্য যে, হত্যাকাণ্ডটোৰ কোনো প্ৰত্যক্ষ সাক্ষী নথকাৰ কাৰণে আৰক্ষীৰ বাবে জটিল হৈ পৰিছিল সমগ্ৰ ঘটনাটিৰ অনুসন্ধান । কিন্তু শেহতীয়া তথ্য-প্ৰযুক্তিৰ সহায়ত ঘটনাস্থলীত হত্যাকাণ্ডৰ সময়ছোৱাত উপস্থিত থকা লোক সকলৰ মোবাইল চিগনেলৰ আত ধৰি ৬ নৱেম্বৰ ৰবিবাৰে আটক কৰে তিনি জনকৈ লোকক । এই লোক তিনিজনৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে কৰ্ণাটক আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বহু দিন পূৰ্বৰে পৰাই হাই-প্ৰ'ফাইল অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হত্যাৰ পৰিকল্পনা চলি আছিল । ইয়াৰ ওপৰিও বিষয়া গৰাকীৰ পত্নীয়ে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি, বিগত কিছু দিন ধৰি দম্পত্তি হালৰ ওপৰত সকলো সময়তেই কোনোবাই নজৰ ৰখা যেন অনুভৱ কৰিছিল পত্নীয়ে ।
উল্লেখ্য যে, কুলকাৰ্নীয়ে তেখেতৰ দ্বাৰা ৰচিত তিনিওখন গ্ৰন্থতেই জিহাদৰ বিৰুদ্ধে বহু গোপন তথ্য উন্মোচন কৰিছিল । যাৰ ফলত তুমুল বিতৰ্কৰো সন্মুখীন হৈছিল অৱসৰপ্ৰাপ্ত বিষয়া গৰাকী । আৰক্ষীৰ সন্দেহ অনুসৰি, তেনে বিতৰ্কৰ ফলস্বৰূপেই কোনো লোকে হত্যা কৰে বিষয়া গৰাকীক ।
যদিও এতিয়ালৈ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হত্যাৰ কাৰণ পোহৰলৈ অহা নাই তথাপিও বিষয়া গৰাকীৰ জিহাদৰ বিৰুদ্ধে দৃঢ় স্থিতি এটি কাৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।