/asomiyapratidin/media/media_files/2025/02/01/R2J40FvDhpONMdp4rv19.jpg)
ডিজিটেল ডেস্কঃ আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এয়া হ'ব অষ্টমখন বাজেট। ইয়াৰ পূৰ্বে তেওঁ সাতখন বাজেট দাখিল কৰিছে। সেয়ে এই বিশেষ দিনটোৰ বাবে নিৰ্মলা সীতাৰমণেও বিশেষ প্ৰস্তুতি চলাইছে।
আজি বাজেট দাখিলৰ বাবে সংসদলৈ অহাৰ সময়ত তেওঁ যিখন শাৰী পৰিধান কৰিছে এই শাৰীখন পদশ্মী সন্মানৰে সন্মানিত বিজয়ী দুলাৰী দেৱীৰ দ্বাৰা নিৰ্মিত মধুবনী শিল্পৰ শাৰী। উল্লেখ্য যে, দুলাৰী দেৱীয়ে ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মিথিলা আর্ট ইনষ্টিটিউটত ঋণ সংযোগী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত মধুবনী ভ্ৰমণ কৰোঁতে দুলাৰী দেৱীৰ সৈতে সাক্ষাৎ হৈছিল। সেই সময়তে তেওঁলোকৰ মাজত বিহাৰৰ মধুবনী শিল্পৰ বিষয়ে আলোচনাও হৈছিল। জানিব পৰা মতে সেই সময়তে দুলাৰী দেৱীয়ে বিত্তমন্ত্ৰীগৰাকীক এই শাৰীখন উপহাৰ হিচাপে দি বাজেট দাখিলৰ সময়ত পৰিধান কৰিবলৈ অনুৰোধ জনাইছিল।
মন কৰিবলগীয়া যে, সংসদত বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰীয়ে পৰিধান কৰা পোছাকক লৈ প্ৰতিবাৰেই চৰ্চা হয়। নিৰ্মলা সীতাৰামণেও প্ৰতিবাৰেই পৰিধান কৰা শাৰীয়ে সংবাদ শিৰোনাম দাখিল কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।
২০২৩ চনত তেওঁ সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰাৰ সময়ত তেওঁ বগা ৰঙৰ সূতাৰ শাৰী পৰিধান কৰিছিল। তাৰ পূৰ্বে আকৌ তেওঁ অন্তৰ্বৰ্তীকালীন বাজেট দাখিলৰ সময়ত নীলা ৰঙৰ হস্তনিৰ্মিত শাৰী পৰিধান কৰিছিল।
২০১৯ চনত প্ৰথমবাৰৰ বাবে বাজেট দাখিলৰ সময়ত নিৰ্মলা সীতাৰমণে উজ্জ্বল গুলপীয়া মংগলগিৰি শাৰী পৰিধান কৰিছিল। সেইবাৰ প্ৰথমবাৰৰ বাবে বাজেট দাখিলৰ সময়ত ‘ব্ৰিফকেইস’ৰ সলনি পৰম্পৰাগত 'বহী-খাতা' ব্যৱহাৰ কৰা হৈছিল।
২০২০ চনত তেওঁ হালধীয়া-সোণালী ৰঙৰ সূতাৰ শাৰী পিন্ধিছিল। ২০২১ চনত তেওঁ ৰঙা আৰু বগা ৰঙৰ সংমিশ্ৰণৰ পোচামপল্লী সূতাৰ শাৰী পৰিধান কৰিছিল। পোচামপল্লী সূতাৰ শাৰী তেলেংগানাৰ ভুদান পোচামপল্লীত নিৰ্মাণ কৰা হয়। যাক ভাৰতৰ 'ছিল্ক চিটি' বুলিও জনা যায়।
২০২২ চনত তেওঁ ওড়িশাৰ বোমকাই শাৰী পৰিধান কৰিছিল। সেই শাৰীখনৰ ৰং মটীয়া-মৰাপাতীয়া আছিল।