/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/95b66755-1cb6-4769-bb2a-b0e6f9ce795a/flood_21.jpg)
দেশৰ ২২ খন ৰাজ্যৰ ২৩৫ জিলাত বানৰ তাণ্ডৱ...
ডিজিটেল ডেস্কঃ দেশৰ ২২ খন ৰাজ্যৰ ২৩৫ জিলা বানৰ কৱলত। ১০ হাজাৰৰো অধিক বাসগৃহ এই বানত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে বানৰ কৱলত পৰি ২.৫০ লাখ হেক্টৰ শস্য় অনিষ্ট হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a8af6737-16e3-47ae-827a-ebb382323fa1/monsoon_11_1689846799.webp)
সেইদৰে ২১ হাজাৰৰো অধিক পশুৰ মৃত্যু হৈছে। ইফালে মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলনৰ ফলত এখন গাওঁ সম্পূৰ্ণৰূপে ধব্বংস হৈ গৈছে। এই ঘটনাত ১৬ জনকৈ লোকৰ মৃত্যু হৈছ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/df115e42-5316-4d44-bbf6-08a826119443/rree3_1689821397.webp)
ৰায়গড়ৰ ৬ খন নদীৰ ভিতৰত ৩ খন ক্ৰমে অম্বা, সাবিত্ৰী আৰু পাতালগংগা নদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে। আন ৩ খন নদীৰো জলস্তৰ বিপদসীমাৰ কাষ চাপিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fc1dbd92-6c81-4b3d-8799-e4003bced3e4/_1689871070.webp)
বানৰ কৱলত পৰা লোকসকলক উদ্ধাৰ বাবে মহাৰাষ্ট্ৰত ১২ টাকৈ এন ডি আৰ এফৰ দল সস্তম হৈ আছে। একেদৰে গুজৰাটত তীব্ৰ বৃষ্টিপাতৰ ফলত ৬ খন জিলাত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ada4ebaa-fa93-4f2c-8634-b95e0c773415/resizeee3_1689820755.webp)
এই খন জিলাত উদ্ধাৰ অভিযান চলাবলৈও এন ডি আৰ এফ সাজু হৈ আছে। আগন্তুক ২৪ ঘণ্টাত জম্মু-কাশ্মীৰ, লডাখ, উত্তৰাখণ্ড, পূৱ ৰাজস্থান, পশ্চীম মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ছত্তিশগড়, তেলেংগানা, ওড়িষ্যা, গোৱা, কৰ্ণাটক, কেৰালা অন্ধ্ৰপ্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ আশংকা কৰা হৈছে।
ইয়াৰ উপৰিও পঞ্জাৱ, হাৰিয়ানা, দিল্লী, ঝাৰখণ্ড, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়ত কিছু পৰিমাণে বৰষুণ অহাৰ সম্ভাৱনা আছে।