'ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জ-২০২৫' ত অসমৰ Flixbox Solutions ৰ তৃতীয়স্থান

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভত ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জ-২০২৫ ত গুৱাহাটীৰ Flixbox Solutions LLP ষ্টাৰ্টআপটোৱে তৃতীয়স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Tushar Pratim
New Update
'ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জ-২০২৫' ত অসমৰ Flixbox Solutions ৰ তৃতীয়স্থান

ডিজিটেল সংবাদ নতুন দিল্লীঃ ৩ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ষ্টাৰ্টআপ মহাকুম্ভত ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জ-২০২৫ ৰ বি-টু-বি শাখাত গুৱাহাটীৰ Flixbox Solutions LLP নামৰ ষ্টাৰ্টআপটোৱে তৃতীয়স্থান লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৬ এপ্ৰিলত Flixbox Solutions LLP ৰ সহ-প্ৰতিষ্ঠাপক অংকিতা শইকীয়া আৰু উদ্দিপ্ত দাসক এই বঁটা প্ৰদান কৰে উদ্যোগীক আৰু যোগান বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল।

Advertisment

অনুষ্ঠানটোত বলিউড অভিনেত্ৰী সুনম কাপোৰ বোটৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় শ্ব’ ছাৰ্ক টেংকত অংশগ্ৰহণ কৰা উদ্যোগপতি অমন গুপ্তাকে ধৰি বহু বিশিষ্ট ব্যক্তিও উপস্থিত আছিল। উল্লেখ্য যে,  Flixbox Solutions LLP য়ে এই বছৰৰ আৰম্ভণিতে তেওঁলোকৰ প্ৰথম SaaS (Software-as-a-service) প্ৰডাক্ট Skara মুকলি কৰিছিল।এই স্কাৰা হৈছে এক উদ্ভাৱনী প্লেটফৰ্ম যিয়ে ভিডিঅ’ উদ্যোগ আৰু উদ্যোক্তাসকলক নিজৰ ষ্ট্ৰিমিং ৱেবছাইট আৰু এপ্লিকেশ্যন মিনিটৰ ভিতৰত লাঞ্চ কৰিবলৈ সক্ষম কৰে।

গুৱাহাটীত উদ্ভাৱন কৰা স্কাৰাই  সম্পূৰ্ণ দেশৰ লগতে বিশ্বজুৰি ভিডিঅ’ ষ্ট্ৰিমিং উদ্যোগত এক নতুন দিশৰ সূচনা কৰিছে। এই সন্দৰ্ভত অংকিতা শইকীয়াই কয়, “এই স্বীকৃতি আমাৰ গুৱাহাটীস্থিত দলটোৰ কঠোৰ পৰিশ্ৰমৰ ফল। আমাৰ প্ৰতিভাক দেশজুৰি দিয়া এই মান্যতাৰ বাবে অশেষ আনন্দিত হৈছো। 

উদ্দীপ্ত দাসে কয়, “আজিকালি বহুতো পুৰণি ধাৰণাৰ ব্যৱসায়কে ষ্টাৰ্টআপ বুলি কৈ থকা হয়। কিন্তু ফ্লিক্সবক্সে যে প্ৰকৃত প্ৰযুক্তি উদ্ভাৱন কৰিছে। কেন্দ্ৰীয় চৰকাৰে দিয়া এই স্বীকৃতি আমাৰ বাবে গৌৰৱৰ বিষয়। গুগল, ফেচবুক আদিৰ দৰে গ্ল’বেল প্ৰযুক্তি প্ৰতিষ্ঠানৰ সৈতে প্ৰতিযোগিতা কৰাটো আমাৰ লক্ষ্য। স্কাৰা সেই দিশত প্ৰথম পদক্ষেপ।”

এইবাৰ ষ্টাৰ্টআপ মহাকুম্ভ ২.০-ত  দেশৰ ২০০০ৰো অধিক ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছিল। যাৰ ভিতৰত পাঁচটা ষ্টাৰ্টআপেহে প্ৰত্যেক শাখাত শীৰ্ষস্থান লাভ কৰে। ফ্লিক্সবক্সে বি-টু-বি শাখাত তৃতীয় স্থান দখল কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ষ্টাৰ্টআপৰ ক্ষেত্ৰত এক নতুন অনুপ্ৰেৰণা সৃষ্টি কৰিলে।

ফ্লিক্সবক্সৰ প্ৰতিষ্ঠাক দুয়োগৰাকীয়ে জনোৱা মতে আগন্তুক দিনত  তেওঁলোকে বিশ্বজুৰি ১৫৫ বিলিয়ন ইউ এছ ডলাৰ মূল্যৰ ভিডিঅ’ ষ্ট্ৰিমিং বজাৰ জয় কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে।

ষ্টাৰ্টআপ ইণ্ডিয়া নতুন দিল্লী