/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/lashkar-arrested.jpg)
সুৰক্ষী কৰ্মীৰ বৃহৎ সফলতাঃ ৫ টাকৈ লস্কৰ-ই-তৈবাৰ সদস্যক গ্ৰেপ্তাৰ...
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সুৰক্ষা কৰ্মীৰ বৃহৎ সফলতা। গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লস্কৰ-ই-তৈবাৰ ৫ জনকৈ সদস্যক। দেওবাৰে জম্মু-কাশ্মীৰ কুলগাওঁ জিলাৰ পৰা এই সন্ত্ৰাসবাদী কেইটাক গ্ৰেপ্তাৰ কৰা হৈছে।
জানিব পৰা মতে জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ প্ৰয়াসত এই সন্ত্ৰাসবাদী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি তেওঁলোকৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ। ইয়াৰ ভিতৰত আছে দুটাকৈ পিষ্টল, তিনিটা হেণ্ড গ্ৰেনেড, এটা ইউ বি জি এল গ্ৰেনেড, দুটাকৈ পিষ্টলৰ মেগজিন, এ কে ৪৭ ৰ সজীৱ গুলী।
গ্ৰেপ্তাৰ কৰা ৫ লস্কৰ-ই-তৈবাৰ সদস্যৰ নাম আদিল হুছেইন ৱানী, চুহেল আহমেদ দাৰ, আইতমাদ আহমেদ লৱে, মেহৰাজ আহমেদ লোন আৰু চাবজাৰ আহমেদ খাৰ।
Also Read: বৰক্ষেত্ৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us