/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b8dcb1e8-9f17-47a7-9754-28fecbac03b2/1.jpg)
ডিজিটেল সংবাদ,শিলচৰ: শান্ত হোৱা নাই চুবুৰীয়া ৰাজ্য মণিপুৰl ৰাজ্যখনৰ জিৰিবাম জিলাত আজিও অব্যাহত আছে হিংসাত্মক ঘটনা। সেনা সহ নিৰাপত্তা বাহিনীয়ে গিজগিজাই থকাৰ মাজত বুধবাৰে নিশা জিৰিবামত পুনৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, জিৰিবাম আৰক্ষী থানাৰ অন্তর্গত নাগাবস্তিত দুৰ্বৃত্তই জ্বলাই দিয়ে ৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ ব্যাপক ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে। অৱশ্যে দোকান কেইখনত অগ্নি সংযোগ কৰাৰ সময়ত কোনো লোক নাছিল বুলি জানিব পৰা গৈছে। ফলত কোনো লোক হতাহত হোৱা নাই।
উল্লেখযোগ্য যে, ৬ জুনত এজন মেইটেই মণিপুৰী ব্যৱসায়ীক দুৰ্বৃত্তই ডিঙি কাটি নিৰ্মম ভাবে হত্যা কৰা পাছতে জিৰিবাম জিলাত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে। শান্ত জিৰিবামত মেইটেই মণিপুৰী আৰু কুকিৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ l
Also Read: কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং