চিকিৎসালয়ত অগ্নিকাণ্ড,মৃত্যু চিকিৎসক দম্পতী

চিকিৎসালয়ত অগ্নিকাণ্ড। যাৰ ফলত মৃত্যু হৈছে চিকিৎসক ২গৰাকীসহ ৬জন লোকৰ। এই ঘটনা সংঘটিত হৈছে

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল ডেস্কঃ চিকিৎসালয়ত অগ্নিকাণ্ড। যাৰ ফলত মৃত্যু হৈছে চিকিৎসক ২গৰাকীসহ ৬জন লোকৰ। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ধানবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত।

Advertisment

অৱশ্যে ঘটনাস্থলীৰ পৰা ৯গৰাকী লোকক উদ্ধাৰ কৰে। জানিব পৰা অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। চিকিৎসালয়খনৰ দ্বিতীয় মহলাত থকা ষ্টোৰ ৰুমত প্ৰথমে জুই লাগে। ইয়াৰ পাছত সেই জুই বিয়পি পৰে।

উল্লেখ্য যে, অগ্নিকাণ্ডৰ ফলত অকাল মৃত্যুক আকোৱালি লোৱা চিকিৎসক দুগৰাকী আছিল পতি-পত্নী। আনহাতে মৃত চিকিৎসক দম্পতী উক্ত চিকিৎসালয় খনৰে স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ বিশিষ্ট চিকিৎসক ডাঃ ধনঞ্জয় কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন

fire hospital