/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4f0a8048-7298-4a96-a905-de13b3579a5f/bhadohi.jpg)
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ ভাদোহী জিলাত ৰবিবাৰে নিশা সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ড । নিশাৰ আৰতিৰ মাজতেই দুৰ্গা পূজাৰ মণ্ডপ নিমিষতে আগুৰি ধৰে জুয়ে । পৰিস্থিতি বিষম হোৱাৰ বাবে মণ্ডপৰ পাছফালে থকা পুখুৰীত জপিয়াই প্ৰাণ ৰক্ষা কৰিব লগীয়া হয় বহু লোকে ।
উল্লেখ্য যে, নিশা প্ৰায় ৯ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত মণ্ডপত উপস্থিত আছিল প্ৰায় ১৫০ গৰাকী লোক । নিমিষতেই আগুৰি ধৰা জুয়ে চাৰিওফালে সৃষ্টি কৰে এক হুৱাদুৱাৰ | যাৰ ফলত দুগৰাকী শিশুসহ ৫ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় প্ৰায় ৬৪ গৰাকী লোক ।
এই সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্য অনুসৰি, বৈদ্যুতিক বিসংগতিৰ বাবে সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ।