/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c0aba818-fede-4a53-b0a6-0866fa594251/police.jpg)
প্ৰতীকী আলোকচিত্ৰ
ডিজিটেল ডেস্কঃ ভুৱা তথ্যৰে মাটি বিক্ৰী কৰি এইবাৰ জালত পৰিল বিজেপি নেতা। অভিযোগ অনুসৰি বিজেপি নেতা গৰাকীয়ে জালিয়তি নথি পত্ৰ ব্যৱহাৰ কৰি আৰক্ষীক ২ কোটি টকাত মাটি বিক্ৰী কৰে। এই মাটি খিনিত পুলিচ লাইন নিৰ্মাণ কৰাৰ কথা আছিল। এই ঘটনা উত্তৰ প্ৰদেশৰ আমেঠীৰ।
আৰক্ষী অধীক্ষক এলামাৰণ জিয়ে সোমবাৰে কয় যে বিজেপি নেতা ওম প্ৰকাশ ওৰফে প্ৰকাশ মিশ্ৰাই জালিয়াতি কৰিছিল। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।কেৱল ইমানেই নহয় বিক্ৰীৰ পূৰ্বে মাটি বন্ধকত ৰাখি বেংক অফ ইণ্ডিয়াৰ পৰা ৭৮ লাখ টকাৰ ঋণ তেওঁ লৈছিল।
বিক্ৰী দলিল কাৰ্যকৰী কৰাৰ পিছত বিজেপি নেতা গৰাকীয়ে আমেঠি আৰক্ষীৰ পৰা ১.৯৭ কোটি টকা লৈছিল। সেই সময়লৈ বিজেপি নেতা গৰাকীয়ে বেংকৰ পৰা লোৱা ঋণ সন্দৰ্ভত একো কোৱা নাছিল। বেংকৰ জাননী অহাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। ওম প্ৰকাশ বিজেপি দলৰ এগৰাকী দলীয় কৰ্মী। নেতা গৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষীয়ে জনায়।
Also Read: মহানগৰীত চাঞ্চল্য! বাসগৃহত প্রৱেশ কৰি এজন লোকক মাৰধৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us