ভাৰতত টাটা-লকহিড মাৰ্টিনে নিৰ্মাণ কৰিব মাল্টি-ৰোল ফাইটাৰ জেট এফ-১৬ৰ উইংছ!

লকহিড মাৰ্টিন আৰু ভাৰতীয় টাটা গ্ৰুপে হায়দৰাবাদ স্থিত যুটীয়া উদ্যোগ টাটা লকহিড মাৰ্টিন এৰোষ্ট্ৰাকচাৰ্চ লিমিটেড (টিএলএমএএল)ত যুঁজাৰু বিমানৰ শাখা নিৰ্মাণ চুক্তিত স্বাক্ষৰ কৰে

author-image
Asomiya Pratidin
New Update
ভাৰতত টাটা-লকহিড মাৰ্টিনে নিৰ্মাণ কৰিব মাল্টি-ৰোল ফাইটাৰ জেট এফ-১৬ৰ উইংছ!

ডিজিটেল ডেস্ক: দেশৰ প্ৰতিৰক্ষা আৰু এৰোস্পেচ উদ্যোগৰ এক মুখ্য প্ৰতিস্থান হ’ল টাটা লকহিড মাৰ্টিন এৰোষ্ট্ৰাকচাৰ্চ লিমিটেড। লকহিড মাৰ্টিন আৰু ভাৰতীয় টাটা গ্ৰুপে হায়দৰাবাদ স্থিত যুটীয়া উদ্যোগ টাটা লকহিড মাৰ্টিন এৰোষ্ট্ৰাকচাৰ্চ লিমিটেড (টিএলএমএএল)ত যুঁজাৰু বিমানৰ শাখা (উইঙচ্) নিৰ্মাণ চুক্তিত স্বাক্ষৰ কৰে।

লকহিড মাৰ্টিনৰ মতে, বুজাবুজি চুক্তিত ২৯ খন যুঁজাৰু উইং ছেট নিৰ্মাণৰ কাম দিয়ে বায়ু সেনাই। উল্লেখ্য যে, ২০২৫ চনত এই সমূহ উইঙচ্ জমা দিব লগীয়া হোৱাৰ বাবেই অতিৰিক্ত জাহাজছেট প্ৰস্তুত কৰাৰ বিপৰীতে তেওঁলোকক এই কাম গতাই।

এই উইঙচবোৰ প্ৰথমে এফ-১৬ ব্লক ৭০/৭২ জেটৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লৈ পৰীক্ষাগত ভাৱে প্ৰেৰণ কৰা হ'ব। আনহাতে লকহিড মাৰ্টিন আৰু টাটাই প্ৰদৰ্শন কৰা প্ৰযুক্তি আৰু নিৰ্মাণ ভাৰতীয় বায়ু সেনাৰ দ্বাৰা বাছনি কৰিলেহে এফ-২১ৰ বাবে কাম আগবঢ়োৱা হ'ব।

Also Read: Best Picnic Spots Near Guwahati: গুৱাহাটীৰ সমীপতেই আছে আপোনাৰ পছন্দৰ বনভোজস্থলী

Tata Lockheed Martin Aerostructures Limited