টেঙাখাতত ধুমুহাত ক্ষতিগ্ৰস্ত বহুজনৰ ঘৰ-বাৰী...

টেঙাখাতত ধুমুহাত ক্ষতিগ্ৰস্ত বহুজনৰ ঘৰ-বাৰী...

ডিজিটেল সংবাদ,টেঙাখাত: টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত দেওবাৰে আবেলি অহা প্ৰচণ্ড ধুমুহাৰ ফলত কেইবাখনো গাঁৱৰ লোক ক্ষতিগ্ৰস্ত হয় । আজি আবেলি প্ৰায় ৪-৩০ বজাত হঠাৎ অন্ধকাৰচন্ন হৈ প্ৰচণ্ড ধমুহাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ দিয়ে ।

যাৰ ফলত বহু লোকৰ ফল-মূলৰ লগতে বিভিন্ন গছ-গছনি ভাঙি ঘৰৰ টিনপাট উৰুৱাই নিয়াৰ লগতে বহুলোকৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন হয় । ইফালে ধুমুহাৰ ফলত গছ- গছনি ভাঙি ৰাজপথৰ পথৰ ওপৰত পৰাত পথ বন্ধ হৈ পৰও দেখা যায় । অন্যহাতে ধুমুহাৰ পিছতে সমগ্ৰ টেঙাখাত অঞ্চলত বিদ্যুত বিচ্ছিন্ন হৈ পৰে ।

টেঙাখাতত ধুমুহাত ক্ষতিগ্ৰস্ত বহুজনৰ ঘৰ-বাৰী...
তীব্রবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল মনোৰঞ্জন দাস নামৰ যুৱকজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in