
ডিজিটেল ডেস্কঃ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্য়ক্ষ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মল্লযুঁজাৰু সকলে প্ৰতিবাদ কৰি আছে।
প্ৰতিবাদৰ প্ৰায় ১৫ দিন পাছতো এই পৰ্যন্ত বিষয়টোত কেন্দ্ৰীয় চৰকাৰে কোনো মাত মতা নাই। ইয়াৰ মাজতে মল্লযুঁজাৰু সকলৰ সমৰ্থনত ওলাই আহিছে হাজাৰ হাজাৰ কৃষক।
সংযুক্ত কিষাণ মৰ্চা আৰু খাপৰ সৈতে জড়িত লোকসকলেও মল্লযোদ্ধাসকলক সমৰ্থন কৰিবলৈ যন্তৰ মন্তৰত উপস্থিত হৈছে। কিষাণ মৰ্চাই ঘোষণা কৰিছে যে প্ৰায় ৫,০০০ কৃষকে সোমবাৰে যন্তৰ মন্তৰত উপস্থিত হোৱাৰ সম্ভাৱণা আছে।
মল্লযোদ্ধাসকলক পৰামৰ্শ দিয়া সমিতিয়ে দেওবাৰে ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ বাবে ১৫ দিনৰ অৰ্থাৎ ২১ মে'ৰ সময়সীমা বান্ধি দিছিল। লগে লগে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে।
যন্তৰ মন্তৰত বৰ্তমান কৃষক সকলে ভিৰ কৰিছেহি। বিভিন্ন ঠাইত থকা বেৰিকেড ভাঙি পেলাইছে তেওঁলোকে। তাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক বেৰিকেড মুকলি কৰি দি আহিবৰ বাবে ৰাস্তা দিয়ে। ইয়াৰ পাছতেই প্ৰতিবাদত বহে কৃষক সকলে।
পৰৱৰ্তী সময়ত আৰু অধিক কৃষকে এই প্ৰতিবাদত যোগ দিয়াৰ সম্ভাৱণা আছে। ১১ মে'ৰ পৰা ১৮ মে'লৈ দেশব্যাপি প্ৰদৰ্শন হ'ব পাৰে। পঞ্জাৱ, হাৰিয়ানাৰ একাংশ মহিলাইও এই প্ৰতিবাদত অংশ ল'ব।
উল্লেখ্য য, মল্লযুঁজাৰু সকলৰ অভিযোগ নস্যাৎ কৰিছে ব্ৰীজভূষণে । তেওঁ কৈছে যদি কোনো প্ৰমাণ পাই তেন্তে তেওঁক ফাঁচী দিয়ক।