/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8799c0d1-73a2-4450-9d6c-b276092dc5c5/morbi.jpg)
ডিজিটেল ডেস্ক : নিৰ্বাচনী প্ৰচাৰৰ বতাহত উত্তাল গুজৰাট । মাজত মাথো কেইটমান ঘন্টা, তাৰ পাছতেই ৰাইজে নিৰ্ধাৰণ কৰিব গুজৰাট নিৰ্বাচনত অংশ লোৱা দল সমূহৰ ভাগ্য । সমগ্ৰ দেশৰ ৰাজনীতিক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থকা ৰাজ্যখনৰ নিৰ্বাচনক লৈ তেনেস্থলত প্ৰত্যেকটো দলেই উছাহ প্ৰদৰ্শন কৰাটো স্বাভাৱিক । কিন্তু এই সকলোৰে মাজত যেন প্ৰত্যেকটো দলেই পাহৰি পেলালে কিছু সপ্তাহ পূৰ্বৰ মৰবী নদীৰ ওপৰত সংঘটিত হোৱা হৃদয়বিদাৰক দুৰ্ঘটনাটো ।
উল্লেখ্য যে, ৩০ অক্টোবৰত সংঘটিত হোৱা পুননিৰ্মাণৰ এটা সপ্তাহ নহওতেই ৩০ অক্টোবৰত ভাগি পৰিছিল দলংখন । ১৯শ শতিকাতেই নিৰ্মিত দলংখন অৰেভা নামৰ এটি ঘড়ী নিৰ্মাণকাৰী উদ্যোগক দিয়া হৈছিল দলংখনৰ পুনৰ্নিমাণৰ দ্বায়িত্ব । পূৰ্বে এনে কোনো নিৰ্মাণকাৰ্যৰ ইতিহাস নথকা উদ্যোগিক প্ৰতিষ্ঠান এটিক কিদৰে দলংখনৰ ঠিকা দিয়া হৈছিল বুলি কৰা প্ৰশ্নৰ উত্তৰ আজিলৈ নাপালে প্ৰশাসনৰ পৰা ।
যাৰ বাবে ৩০ অক্টোবৰত এটা মূহুৰ্তৰ ভিতৰতেই সলনি হৈ পৰিল শতাধিক পৰিয়ালৰ জীৱন । এতিয়া শোক আৰু ক্ষোভত অগ্নিদগ্ধ পৰিয়ালসমূহে কেৱল বাট চাই ৰৈছে ন্যায়প্ৰাপ্তিলৈ । কিন্তু শাসনাধিষ্ঠ ৰাজনীতিবিদৰ আশীষধন্য অৰেভাৰ স্বত্বাধিকাৰীক জৱাবদিহি কৰাটো জানো সম্ভৱ হ'ব ?
উল্লেখ্য যে, দুৰ্ঘটনাটোৰ সন্দৰ্ভত এক স্থানীয় আদালতে কৰা তদন্তৰ বাবে ফৰেনছিকে দিয়া প্ৰতিবেদন অনুসৰি, ওলমা দলংখনক ধৰি ৰখা কেবল সমূহ, যি মামৰে খাইছিল কিন্তু দুৰ্ঘটনাৰ পূৰ্বে কৰা পুনৰ্নিমাণৰ সময়ত সলনি কৰা হোৱা নাছিল । আনহাতে, জিখন দলঙৰ বহন ক্ষমতা কেৱল ১০০ লোকৰ আছিল তেনেস্থলত দুৰ্ঘটনাৰ দিনাখন ৩০০০ টিকট বিক্ৰী কৰাৰ কাৰণ আজিও ৰহস্যৰ আৱৰ্তত ।
আৰু পঢ়ক : চৰকাৰী চাকৰি আৰু বেচৰকাৰী চাকৰিৰ মাজত নাথাকিব প্ৰাৰ্থক্য ! কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম...