/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fed5f38d-8853-4506-8e61-cf1850075a66/AP_FOR_WEB_new__fact_check.jpg)
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত আমাৰ আটাইতকৈ প্ৰয়োজনীয় এটা যন্ত্ৰ হ'ল ম'বাইল। ম'বাইল নহ'লে আমাৰ প্ৰতিজনৰেই জীৱন যেন অচল হৈ পৰে। সেয়েহে ম'বাইল ৰিচাৰ্জৰ বাবে প্ৰতিজনেই হৈ থাকে উৎসুক।
শেহতীয়াকৈ সকলোৰে হোৱাটচ এপে হোৱাটচ এপে এটি বিশেষ মেচেজ ভাইৰেল হৈ পৰিছে। মেচেজটোত উল্লেখ আছে যে, কেন্দ্ৰীয় চৰকাৰে গ্ৰাহক সকলক ২৩৯ টকাৰ ম'বাইল ৰিচাৰ্জৰ উপহাৰ দিব। আৰু এইয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশবাসীলৈ উপহাৰ। এই মেচেজ পোৱাৰ লগে লগে উৎসুক গ্ৰাহকে শ্বেয়াৰ কৰি গ'ল সতীৰ্থ তথা আত্মীয়ক।
পিছে এইয়া এক ভুৱা মেচেজহে আছিল। এই কথা প্ৰকাশ কৰিলে পাব্লিক ইনফৰমেচন ব্যুূৰ'য়ে। হোৱাটচ এপত ভাইৰেল হোৱা মেচেজটোৰ সন্দৰ্ভত পোৱা অভিযোগৰ ভিত্তিত সংস্থাটোয়ে অনুসন্ধান চলাই ভুৱা মেচেজ বুলি এক জাননী জাৰি কৰে। জাননী খনত গ্ৰাহকক সাৱধান হ'বলৈ সংস্থাটোয়ে আহ্বান জনায়। সংস্থাটোয়ে লগতে কয় যে, এইয়া দুষ্টচক্ৰৰ কাণ্ড, গতিকে এনে কাৰ্যত আপুনি ভুল নাযাব।
Also Read: বাৰে বাৰে অসমীয়াৰ স্বাভিমানক আঘাত! গামোচাক অপমান মালিগাওঁ বাংলা সাহিত্য সভাৰ...