সাৱধান ! ফেচবুকত মন গ'লেই নিলিখিব যি টি, কঠোৰ হৈছে চৰকাৰ বিপদত পৰিব আপুনি...

ফেচবুকত মন গ'লেই নিলিখিব যি টি,
ফেচবুকত মন গ'লেই নিলিখিব যি টি,

ডিজিটেল ডেস্কঃ এয়া সামাজিক মাধ্যমৰ সময়। সামাজিক মাধ্যমে আজিৰ সমাজ ব্যৱস্থাত গ্ৰহণ কৰে বিৰাট ভূমিকা। আনকি এখন দেশৰ চৰকাৰ ভঙা, পতাত সামাজিক মাধ্যমৰ ভূমিকা কিমান সেয়া ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ বাহিৰে আন কোনে ভালকৈ জানে?

কংগ্ৰেছ চৰকাৰ পতন ঘটাই বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ভূমিকা আছিল লক্ষ্যণীয়।সামাজিক মাধ্যমৰ এনে শক্তিশালী প্ৰভাৱৰ বিপৰীতে আছে বহু নেতিবাছক দিশ।

তাৰ ভিতৰত জধে মধে সাম্প্ৰদায়িক, বিভাজনকামী, অশ্লীল গালি-গালাজ আদি এতিয়া সামাজিক মাধ্যমত সহজলভ্য। কাৰোবাৰ কথাৰ বিৰোধিতা কৰিবলৈ গৈ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ দৰে সামাজিক মাধ্যমতে অশ্লীল আৰু অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি গালি গালাজ কৰাটো একেবাৰে সাধাৰণ কথালৈ পৰিণত হৈছে। একেদৰে কাৰোবাৰ সামাজিক মাধ্যমত চৰিত্ৰ হনন কৰিবলৈও কুণ্ঠাবোধ নকৰে বহু লোকে।

কিন্তু আৰু বেছি দিন নাই, এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ সময় সমাগত। এতিয়াৰে পৰা সামাজিক মাধ্যমত যিকোনো কথা লিখাৰ আগতে, কোৱাৰ আগতে ভাবিব লাগিব সকলোৱে।

কাৰণ এনে দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানবোৰৰ দায়বদ্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে অধিক কঠোৰ স্থিতি লোৱাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ বাবে তথ্য প্ৰযুকতিৰ নিয়ম সংশোধন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শনিবাৰে এই প্ৰসংগত কৈছে যে, তথ্য প্ৰযুক্তি নিয়মত কৰা সংশোধনীসমূহে ছ'চিয়েল মিডিয়া কোম্পানীসমূহক অধিক সাৱধান কৰি তুলিব। তেওঁ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে যাতে ভুৱা খবৰ বিয়পাব নোৱাৰে, অশালীন মন্তব্য কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ কোম্পানীসমূহক নিৰ্দেশ প্ৰদান কৰিব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে শুকুৰবাৰে সামাজিক মাধ্যম মঞ্চ সমলৰ বিষয়ে দাখিল কৰা অভিযোগৰ সঠিক মোকাবিলা কৰিবলৈ তথ্য প্ৰযুক্তিৰ নিয়ম সংশোধন কৰিছে। ইয়াৰ অধীনত তিনি মাহত আপীল সমিতি গঠনৰ কথা ঘোষণা কৰিছে।

এই সমিতিয়ে বিষয়বস্তু নিয়ন্ত্ৰণ সম্পৰ্কে মেটা আৰু টুইটাৰ আদিৰ দৰে সামাজিক মাধ্যম কোম্পানীৰ দ্বাৰা লোৱা সিদ্ধান্তসমূহ পুনৰীক্ষণ কৰিবলৈ সক্ষম হ'ব। আনহাতে এই সন্দৰ্ভত তিনিজনীয়া অভিযোগ আপীল সমিতি গঠনক প্ৰয়োজনীয় বুলি অভিহিত কৰি চন্দ্ৰশেখৰে কয় যে, ছ'চিয়েল মিডিয়া কোম্পানীসমূহে ব্যৱহাৰকাৰীৰ অভিযোগ সঠিকভাৱে সমাধান নকৰাৰ বিষয়ে চৰকাৰ অৱগত।

মন্ত্ৰীগৰাকীয়ে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰে হওঁক বা ইউৰোপৰে হওঁক, এই কোম্পানীসমূহে ভাৰতত কাম কৰিব লাগিব। তেওঁলোকৰ মঞ্চ ভাৰতীয় সংবিধানিক অধিকাৰৰ বিৰোধী হ'ব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in