ফে’চবুকে দিব ৫০ লাখ ভাৰতীয়ক ডিজিটেল কৌশলৰ প্ৰশিক্ষণ

ফে’চবুকে দিব ৫০ লাখ ভাৰতীয়ক ডিজিটেল কৌশলৰ প্ৰশিক্ষণ

author-image
asomiyapratidin
New Update
ফে’চবুকে দিব ৫০ লাখ ভাৰতীয়ক ডিজিটেল কৌশলৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্কঃ বিশ্বৰ বহুল সমাদৃত জনপ্ৰিয় ছ'চিয়েল মিডিয়া ফে'চবুক। ফে'চবুকে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ক বিশ্ব অৰ্থনীতিৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে অহা ৩ বছৰৰ ভিতৰত ৫০ লাখ লোকক ডিজিটেল কৌশলৰ প্ৰশিক্ষণ প্ৰদানৰ পৰিকল্পনা কৰিছে।

শনিবাৰে ফে'চবুকৰ এগৰাকী বিষয়াই এই তথ্য প্ৰকাশ কৰে ।ইতিমধ্যে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰতিষ্ঠানটোৱে ৫০ টা সহযোগী প্ৰতিষ্ঠানৰ জৰিয়তে ১৫০ খন চহৰ আৰু ৪৮ হাজাৰ গাঁৱৰ প্ৰায় ১ নিযুত লোকক ডিজিটেল কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

এই আঁচনিৰ সন্দৰ্ভত ফে'চবুকৰ ভাৰত তথা দক্ষিণ আৰু মধ্য এছিয়া পাব্লিক পলিচী ডাইৰেক্টৰ অংশী দাসে কয় 'স্থানীয় সহযোগীৰ লগতে ৰাজ্য চৰকাৰসমূহৰ সৈতেও আমাৰ বুজাপৰা আছে। ৰাজ্য চৰকাৰ,কেন্দ্ৰ চৰকাৰ,নাগৰিক সমাজ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত আমি গ্ৰহণ কৰা আঁচনিসমূহৰ সাফল্যক লৈ যথেষ্ট উৎসাহী হৈ পৰিছো।'