ৰাজ্যপালৰ অনুমোদন মৰ্মে বিটিচি কাৰ্যবাহী পৰিষদ সম্প্ৰসাৰণ...

বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পৰামৰ্শ মৰ্মে শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ এম চি এল এ সজল কুমাৰ সিংহ আৰু চিৰাংৰ ইউ পি পি এলৰ এম চি এল এ ছাইখং বসুমতাৰীক বিটিচি কাৰ্যবাহী পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপে অনুমোদন জনাইছে ৰাজভৱনে । 

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত আৰম্ভ হ'ব শামুকৰ পেটত মুকুতাৰ খেতি...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পৰামৰ্শ মৰ্মে শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ এম চি এল এ সজল কুমাৰ সিংহ আৰু চিৰাংৰ ইউ পি পি এলৰ এম চি এল এ ছাইখং বসুমতাৰীক বিটিচি কাৰ্যবাহী পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপে অনুমোদন জনাইছে ৰাজভৱনে । 

Advertisment

এই সন্দৰ্ভত যোৱা ২ ডিচেম্বৰত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৰাজভৱনলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে বুধবাৰে অৰ্থাৎ ৪ ডিচেম্বৰত ৰাজভৱন সচিবালয়ৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে বিটিচি কাৰ্যবাহী পৰিষদৰ সম্প্ৰসাৰণত ৰাজ্যপালৰ অনুমোদনৰ কথা সদৰি কৰি অসমৰ মুখ্য সচিবলৈ অনুমোদনপত্ৰ প্ৰেৰণ কৰে ।

তদুপৰি দুয়োজন কাৰ্যবাহী সদস্যক গোপনীয়তাৰ শপতবাক্য পাঠ কৰাবলৈ বিটিচিৰ প্ৰধান সচিবক কৰ্তৃত্ব প্ৰদান কৰে ৰাজভৱনে। উল্লেখ্য যে বিটিচি কাৰ্যবাহী পৰিষদত দুটা কাৰ্যবাহী সদস্যৰ পদ খালী হৈ আছিল।

ঘনশ্যাম দাস আৰু ৰেওৰেওৱা নাৰ্জীহাৰীৰ পৰা কাৰ্যবাহী সদস্যৰ পদ কৰ্তন কৰাত দীৰ্ঘদিনে খালী হৈ থকাত অসমৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে বিটিচিত সম্প্ৰসাৰণৰ বিষয়টো লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে।

কোকোৰাঝাৰ বি টি চি প্ৰমোদ বড়ো