কৰ্ণাটকত হ'ব নেকি কংগ্ৰেছৰ চৰকাৰ ? এগজিট প'লে দিয়ে এই তথ্য...

কৰ্ণাটকত হ'ব নেকি কংগ্ৰেছৰ চৰকাৰ ? এগজিট প'লে দিয়ে এই তথ্য...

ডিজিটেল ডেস্ক : অৱশেষত বহু বিতৰ্কিত কৰ্ণাটক বিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ অন্ত পৰিল । বিজেপি আৰু কংগ্ৰেছ দুয়ো দলেই সৰ্বস্ব উজাৰি নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছিল নিজা নিজা কৌশলেৰে । য'ত বিজেপিয়ে উন্নতিৰ দিশত গুৰুত্ব আৰোপ কৰিছিল, তেনেস্থলত কংগ্ৰেছৰ কৰ্ণাটকৰ সমস্যা সমূহত গুৰুত্ব আৰোপ কৰে ।

ভোটদানৰ অন্তত ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ বহু কেইটা আগশাৰীৰ প্ৰতিষ্ঠানে এগজিট প'ল প্ৰকাশ কৰে ।

এই এগজিট প'লৰ গৰিষ্ঠ সংখ্যকেই ১৩ মে'ত ঘোষণা হ'বলগীয়া ফলাফলৰ ক্ষেত্ৰত কংগ্ৰেছক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে । কেৱল বিজয়েই নহয় বৰং একক বৃহৎ দল হিচাপেও কংগ্ৰেছৰ নাম ঘোষণা কৰাৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে এগজিট প'লে ।

উল্লেখ্য যে, বুধবাৰে বিয়লি ৫ বজাত অন্ত পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়াত মুঠ ৬৫.৭ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰে । অৱশ্যে ২০১৮ বৰ্ষতকৈ চলিত বৰ্ষৰ নিবাচনী প্ৰক্ৰিয়াত ভোটদাতাৰ পৰিমাণ হ্ৰাস পোৱা পৰিলক্ষিত হয় । যি এক তাৎপৰ্যপূৰ্ণ বিষয়, কিয়নো ই নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক বিষয় এটিৰ জনসাধাৰণৰ মাজত গুৰুত্ব আৰু বিশ্বাস হ্ৰাস পোৱাকো সূচায় । বিগত নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭২.৩৬ শতাংশ ।

নিৰ্বাচনী সমীক্ষাৰ মন্তব্য অনুসৰি, এইবাৰৰ নিৰ্বাচন তিনিকোণীয়া । কংগ্ৰেছ আৰু বিজেপিৰ মাজত বহু সমষ্টিত তীব্ৰ যুঁজ হোৱাৰ ওপৰিও কিং মেকাৰৰ ভূমিকাত অৱতীৰ্ণ হ'ব পাৰে জনতা দলে । আনহাতে, কৰ্ণাটকৰ ইতিহাসত আজিলৈকে কোনো দলেই একেলেথাৰিয়ে দুটাকৈ কাৰ্যকাল ক্ষমতাত থাকিব পৰা নাই । এই ইতিহাসৰ পুনৰাবৃত্তি ঘটিলেও কংগ্ৰেছৰ বিজয় নিশ্চিত ।

অৱশ্যে এইয়া এগজিট প'লৰ হে ভৱিষ্যতবাণী, এইয়া সত্য প্ৰমাণিত নহ'বও পাৰে ফলাফলৰ দিনা । আনহাতে, কৰ্ণাটকত পৰাস্ত হ'লে বিজেপিৰ দাক্ষিণাত্য জয়ৰ সপোন আধৰুৱা হৈয়েই ৰ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in