ধৰ্ম সলনি কৰাৰ প্ৰয়োজন নাই, ভাৰতত বাস কৰা সকলোৱেই হিন্দু: মোহন ভাগৱত

দেওবাৰে শ্বিলঙৰ এক ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে।

author-image
Asomiya Pratidin
New Update
২ দিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূবলৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত…

RSS chief Mohan Bhagwat

ডিজিটেল ডেস্ক: হিন্দু হ'বলৈ ধৰ্ম সলনি কৰাৰ প্ৰয়োজন নাই। ভাৰতত বাস কৰা প্ৰতিগৰাকী লোকেই হিন্দু। এই মন্তব্য আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতে কয় যে ভাৰতৰ সামগ্ৰিক বিকাশ হৈছে আৰ এছ এছৰ লক্ষ্য। দেওবাৰে শ্বিলঙৰ এক ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি তেওঁ কয়, "আৰ এছ এছৰ লক্ষ্য হৈছে সমাজখন সংগঠিত কৰা যাতে ভাৰতে সৰ্বাংগীন বিকাশ কৰিব পাৰে।"

Advertisment

ভাগৱতে কয় যে'' ভাৰতে স্বাধীনতা হেৰুৱাইছিল কাৰণ সভ্যতাৰ মূলমন্ত্ৰ আৰু মূল্যবোধ পাহৰি গৈছিল।ভাৰত এখন প্ৰাচীন ৰাষ্ট্ৰ, কিন্তু আমাৰ সভ্যতাৰ মূলমন্ত্ৰ আৰু মূল্যবোধ পাহৰি যোৱাৰ বাবে আমি আমাৰ স্বাধীনতা হেৰুৱাইছিলো''।

''এই দেশৰ কেতিয়াও শেষ নোহোৱা সভ্যতাৰ এই মূল্যবোধবোৰক আমাৰ দেশৰ বাহিৰৰ মানুহে হিন্দুত্বৰ নাম দিছিল। আমি হিন্দু, কিন্তু হিন্দুৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই, যদিও ই আমাৰ পৰিচয়। ভাৰতীয় আৰু হিন্দু দুয়োটা শব্দই সমাৰ্থক। ই সঁচাকৈয়ে এক ভূ-সাংস্কৃতিক পৰিচয়।"

আৰ এছ এছৰ আদৰ্শৰ ওপৰত আলোকপাত কৰি ভাগৱতে কয় যে হিন্দু শব্দটোৱে ভাৰত মাতৃৰ পুত্ৰ সকলোকে সামৰি লৈছে। ভাৰতীয় সকল পূৰ্বপুৰুষৰ বংশধৰ আৰু যি সকলে ভাৰতীয় সংস্কৃতি অনুসৰণ কৰি আহি আছে । তেওঁ কয় যে হিন্দু হ'বলৈ ধৰ্ম সলনি কৰাৰ প্ৰয়োজন নাই কিয়নো ইয়াত সকলোৱে হিন্দু।

"আৰ এছ এছে দেশৰ প্ৰাচীন ইতিহাসৰ পৰা ত্যাগৰ এই পৰম্পৰা গ্ৰহণ কৰিছে। আমাৰ পূৰ্বপুৰুষ সকলে ইয়াৰ বাহিৰৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল আৰু জাপান, কোৰিয়া, ইণ্ডোনেছিয়া আৰু আন বহুতো দেশত একে মূল্যবোধ এৰি গৈছিল। আমি আজিও একে পৰম্পৰা অনুসৰণ কৰি আছো''।

rss mohan bhagawat